পাইথাগোৰাছৰ বিষয়ে ৰচনা । Pythagoras Biography in Assamese I Pythagoras life history in Assamese
পাইথাগোৰাছ বিষয়ে চমুটোকা
পিথাগোৰাছ আছিল প্রাচীন গ্রিছৰ গণিতজ্ঞ, জ্যোতির্বিজ্ঞানী আৰু দার্শনিক। তেওঁৰ জন্ম আৰু মৃত্যুৰ সময় সঠিক জনা নাযায়। কোনো কোনোৰ মতে তেওঁৰ জন্ম আনুমানিক খ্রিষ্টপূর্ব ৫৬০৩ আৰু মৃত্যু আনুমানিক খ্রিষ্টপূর্ব ৪৮০ত হৈছিল। তেওঁৰ জন্ম গ্ৰিছৰ ছামোছত হৈছিল। খ্রিষ্টপূর্ব ৫৩২ত তেওঁ ছামোছ এৰি ইটালিৰ ক্ৰটন চহৰলৈ যায়। হয়তো ছামোছৰ অত্যাচাৰী শাসকৰ দৃষ্টিৰ আঁতৰ হ’বলৈায়ে তেওঁ এনে কৰে। ক্ৰটনত তেওঁ নীতি আৰু ধৰ্মশাস্ত্ৰৰ অধ্যয়নৰ এক টোল গঢ়ি তোলে।
পিথাগ’ৰাছে প্ৰচাৰ কৰিছিল যে ক্ষমতালোভী লোক কিছুমানক পৰম্পৰাগত ভাৱে শাসক হিচাপে বহুওৱাৰ সলনি গুণী-জ্ঞানী লোককহে তেনে পদত বহুৱাব লাগে। ইয়াৰ ফলতে তেওঁ শাসকসকলৰ ৰোষত পৰিল। তেওঁৰ টোল পুৰি পেলোৱা হ’ল। পিথাগ’ৰাছ আৰু ছাত্রসকল কোনোমতে পলাই সাৰিল।
কোনো কোনোৱে বিশ্বাস কৰে যে পিথাগ বাছ খেলিছৰ চিন্তা-চৰ্চাৰদ্বাৰা প্রভাবান্বিত হৈছিল। থেলিছৰ সমস্ত ৰচনা তেওঁৰ হাতত পৰিছিল বুলিও বিশ্বাস কৰা হয়।
পাইথাগোৰাছৰ গণিতৰ অৱদান
পিথাগ’ৰাছৰ কোনো ৰচনা বা গ্রন্থয়েই পোৱা হোৱা নাই। গতিকে তেওঁৰ নামৰ লগত জড়িত উদ্ভাৱনসমূহৰ কোনবোৰনো আচলতে তেওঁ উদ্ভাৱন কৰা সেইটো জনা সম্ভৱ নহয়। এনে হ’ব পাৰে যে তেওঁৰ ছাত্ৰ আৰু শিষ্যসকলে কৰা নানা উদ্ভাৱন সম্মানতে তেওঁৰ নামৰ লগত জোৰাই দিয়া হ’ল। তেওঁৰ মতে, বাস্তৱ জগতখনৰ সকলো নিভৃত তথ্যয়েই গণিতৰ ভাষাত বা সংখ্যাত প্ৰকাশ কৰিব পাৰি। তদুপৰি সংগীতৰ মূল কথাও সংখ্যাত প্ৰকাশ কৰিব পাৰি। জ্যামিতিৰ কেইবাটাও কথা, যেনে (১) বৰ্গক্ষেত্ৰৰ বাহু আৰু কৰ্ণ সমঞ্জস (commen surable) নহয় আৰু (২) সমকোণী ত্ৰিভুজৰ বাহু দুটাৰ বৰ্গৰ যোগফল অতিভুজৰ বৰ্গৰ সমান তেওঁ আৱিষ্কাৰ কৰা বুলি কোৱা হয়। কিন্তু বহুতে ভাবে যে সেই জ্যামিতীয় সম্বন্ধবোৰ তেওঁৰ ছাত্ৰসকলে পাছত উদ্ভাৱন কৰি তেওঁৰ নামত প্ৰচাৰহে কৰিছিল।
পঞ্চম শতিকাৰ মাজ-ভাগত পিথাগ’ৰাছৰ মতবাদৰ বিৰুদ্ধে শাসকগোষ্ঠী আৰু ৰাইজ সজাগ হৈ উঠে আৰু টোলবোৰ ধ্বংস কৰা হয়।
পিথাগ’ৰাছৰ ছাত্ৰ ফিল’লাউছে পিথাগ’ৰাছ আৰু তেওঁৰ ছাত্ৰসকলৰ নানা উদ্ভাৱন কিতাপৰ আকাৰত লেখি উলিয়াইছিল। পাছৰ দাৰ্শনিক এৰিষ্ট টলে এই সকলো ধাৰণাকে পিথাগ’ৰাছ আৰু তেওঁৰ ছাত্ৰসকলৰ সন্মিলিত ধাৰণা বুলি অভিহিত কৰিছে।
পিথাগ’ৰাছৰ ছাত্ৰ ফিল’লাউছে (Philolaus) বিশ্বব্ৰহ্মাণ্ডখনৰ বিষয়েও এটা ধাৰণা আগ বঢ়াইছিল। তেওঁৰ মতে এই বিশ্বব্ৰহ্মাণ্ডৰ কেন্দ্ৰত আছে এটা জ্বলন্ত অগ্নিপিণ্ড। হয়তো সূৰ্য্যটোকেই তেওঁ এই অগ্নিপিণ্ড বুলি বুজাইছিল। এই ব্ৰহ্মাণ্ডৰ নক্সাত সূৰ্য্যত বাহিৰেও পৃথিৱী, চন্দ্ৰ, পাঁচোটা গ্ৰহ আৰু নক্ষত্রমণ্ডল আছিল। তাৰ লগতে কিন্তু এক ‘বিপৰীত পৃথিৱী’ও আছে বুলি কোৱা হৈছিল।
তেওঁ আৰু ধাৰণা দিছিল যে পৃথিৱীয়ে সূৰ্য্যৰ চাৰিওফালে এদিনত এবাৰ ঘূৰে। এইদৰে ঘূৰোঁতে পৃথিৱীৰ একাংশ আলোকিত হৈ তাত দিন হয়, আন অংশত ৰাতি হয়।
তেওঁ গ্ৰহবোৰৰ প্রদক্ষিণকালো হিচাপ কৰি উলিয়াইছিল। আচৰিত কথা যে এই হিচাপ আধুনিক শুদ্ধ হিচাপৰ বৰ ওচৰা-উচৰি।
চন্দ্ৰত মানুহৰ বসবাস আছে বুলিও তেওঁ কৈছিল। তেওঁৰ মতে চন্দ্ৰৰ বাসিন্দা পৃথিৱীৰ মানুহতকৈ বেছিহে সুখী।
নানা ভুল-ত্রুটি থাকিলেও সেই সময়ত পিথাগ’ৰাছ আৰু তেওঁৰ ছাত্ৰসকলে যি ধাৰণা প্ৰচাৰ কৰিছিল বিজ্ঞানৰ ইতিহাসত সি আছিল অতি মূল্যবান।