ৰবাৰ্ট হুকৰ বিষয়ে চমুটোকা। Robert Hooke Biography in Assamese

ৰবাৰ্ট হুকৰ (Robert Hooke) বিষয়ে ৰচনা । Robert Hooke Biography in Assamese I Robert Hooke life history in Assamese

ৰবাৰ্ট হুকৰ বিষয়ে চমুটোকা

১৬৬৯ চনত অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ এগৰাকী প্রবক্তাই নতুনকৈ স্থাপিত হোৱা ৰয়েল ছ’ছাইটিৰ সভাসকলৰ বিষয়ে এই বুলি মন্তব্য কৰিছিল যে ‘তেওঁলোকে মাত্র মাখি, ওকণি আৰু নিজৰ বিষয়েহে চিন্তা-চৰ্চা কৰে। এই আক্রমণ ঘাইকৈ ৰয়েল ছ’ছাইটিৰ নৱনিযুক্ত পৰীক্ষা-নিৰীক্ষা সচিব (Curator of Experiments) ৰবাৰ্ট হুকৰ ওপৰতহে আছিল। কাৰণ তাৰ কিছুদিন আগতে হুকে বিভিন্ন উদ্ভিদ আৰু প্ৰাণীৰ সুক্ষ্ম গঠনৰ বিষয়ে তেওঁ বহুদিন ধৰি কৰি অহা পৰীক্ষাৰ ফলসমূহ ‘মাইক্ৰ’গ্ৰাফিয়া’ (Micrographia) নামৰ পুথি এখনত সংকলিত কৰি প্ৰকাশ কৰিছিল। তেওঁ নিজে সজা অণুবীক্ষণ যন্ত্ৰৰদ্বাৰা তেওঁ এই পৰীক্ষাবোৰ কৰিছিল। তেওঁ সূক্ষ্ম গঠন অধ্যয়ন কৰা জীৱবোৰৰ ভিতৰত মাখি আৰু ওকণিও আছিল। এইবোৰৰ হুকে প্ৰকাশ কৰা বিশদ আণুবীক্ষণিক ছবিবোৰে সকলোৰে দৃষ্টি আকর্ষণ কৰিছিল। সেইবাবে ঈর্ষাত হয়তো অক্সফ’ৰ্ডৰ প্রবক্তাগৰাকীয়ে তেনে মন্তব্য দিছিল। ঢুকে অৱশ্যে তেনে মন্তব্যৰ প্ৰতি বিশেষ কাণ-সাৰ নকৰি নিজৰ গৱেষণা-অধ্যয়নৰ কাম চলাই গৈছিল।

এনে অধ্যয়ন-গৱেষণাৰ বাবেই হুকে কৰ্কৰ পাতল ছেদ এটা অণুবীক্ষণ যন্ত্ৰৰ মাজেৰে চাই তাৰ ঘৰ ঘৰবোৰ নাম প্ৰথমবাৰৰ বাবে ‘কোষ’ (cell) ৰাখিব পাৰিছিল। এই অৱদানৰ বাবেই জীৱবিজ্ঞানৰ ছাত্ৰৰ বাবে তেওঁ স্মৰণীয় হৈ ৰৈ গ’ল। তেনেদৰে পদার্থবিজ্ঞানৰ ছাত্ৰসকলেও তেওঁক তেওঁৰ বিখ্যাত ‘হুকৰ সূত্ৰ’ৰ বাবে মনত ৰাখিলে। বস্তুৰ স্থিতিস্থাপকতা ধৰ্মৰ এই সূত্র মতে কোনো বস্তুৰ (যেনে–ধাতু, কাঠ আদিৰ) ওপৰত বল প্রয়োগ কৰিলে সি তাৰ সমানুপাতিকভাৱে দীঘল হয়। এইবোৰ অৱদানৰ বাবে হুক বিখ্যাত হৈ পৰিল। অৱশ্যে তেওঁৰ এই অৱদানবোৰৰ কথা জানিলেও, ১৭ শতিকাৰ শেষভাগত ইংলণ্ডত বিজ্ঞানৰ প্ৰগতিৰ বিস্তৰ অৰিহণা যোগোৱা এই মহান ব্যক্তিগৰাকীৰ প্ৰখৰ বুদ্ধিমত্তা আৰু ৰহস্যময় ব্যক্তিত্বৰ কথা বহুতে নাজানিছিল।

১৬৩৫ চনৰ ১৮ জুলাইৰ দিনা ইংলণ্ডৰ ৱাইট দ্বীপৰ ফ্ৰেশ্বৱাটাৰ নামৰ ঠাইত ৰবাৰ্ট হুকৰ জন্ম হৈছিল। সৰুতে ৰবাৰ্ট আছিল দুৰ্বল, ৰুগীয়া ল’ৰা— তেওঁ আনকি লগৰ ল’ৰাৰ লগত দৌৰা-দৌৰি কৰিব বা খেলিব পৰা নাছিল। ঘৰৰ ভিতৰতে সোমাই থাকিবলগীয়া হোৱা বাবে ৰবাৰ্ট নানা ধৰণৰ অদ্ভুত অদ্ভুত যান্ত্রিক পুতলা সাজি খেলিছিল। তাৰ ভিতৰত ছান ডায়েল, ঘড়ী, পানী কল, জাহাজ আদিও আছিল। দুখীয়া দেউতাকে তেওঁক স্কুললৈ পঠাব নোৱৰাত ঘৰতে লিখা-পঢ়া শিকাইছিল।

কিন্তু তেওঁৰ ১৩ বছৰ বয়সত দেউতাকৰ হঠাতে মৃত্যু হোৱাত ৰবাৰ্ট বৰ অকলশৰীয়া হ’ল। ৰবাৰ্ট তেতিয়া লণ্ডনলৈ গৈ তাত এজন চিত্ৰকৰৰ আল-ধৰা হ’ল। তাতে কিছু পইচা সাঁচি তেওঁ ৱেষ্টমিনষ্টাৰ কলেজত নাম লগালে । তাত সোনকালেই তেওঁ বৰ বুদ্ধিমান ল’ৰা বুলি শিক্ষকসকলৰ মৰম পাবলৈ ধৰিলে। তেওঁ এনেহে প্ৰখৰ বুদ্ধিৰ ল’ৰা আছিল যে জ্যামিতিৰ ছখন পাঠ্যপুথি এসপ্তাহতে আয়ত্ত কৰি পেলালে। এনে বুদ্ধিৰ বাবেই তেওঁ অক্সফ’ৰ্ডত ভৰ্তি হ’বলৈ সুবিধা পালে।

এই সময়তে তেওঁ তাৰ এগৰাকী শিক্ষক ৰবাৰ্ট বয়লৰ চকুত পৰিল। বয়লে তেতিয়া গেছৰ বিষয়ে নানা পৰীক্ষা-নিৰীক্ষা আৰম্ভ কৰিছে। তেওঁ হুকক তেওঁৰ পৰীক্ষাবোৰৰ সহকাৰী নিযুক্ত কৰিলে। কিছুদিনৰ ভিতৰতে, হুকে সাজি দিয়া ভেকুৱাম পাম্পেৰে পৰীক্ষা-নিৰীক্ষা কৰি বয়লে তেওঁৰ বিখ্যাত গেছৰ সূত্ৰ উদ্ভাৱন কৰিলে। এই সাফল্যৰ সন্তুষ্টিতে বয়লে হুকক ৰয়েল ছ’ছাইটিৰ কিউৰেটৰ অব্ এক্সপেৰিমেণ্টছ নিযুক্ত কৰিলে। বয়লৰ মনোনয়নতে তেওঁক ছ’ছাইটিৰ সভ্যও কৰা হ’ল। সেই সময়ত হুকৰ কামৰ দায়িত্ব আছিল অতি গধুৰ । তেওঁ পৰীক্ষা-নিৰীক্ষাবোৰ যুগুতোৱাৰ উপৰিও সভ্যসকলৰ গৱেষণাৰ উপদেষ্টা হিচাপে দিক্‌দৰ্শনৰ কাম কৰিব লাগিছিল, ছ’ছাইটিৰ গৱেষণা কোন দিশত হ’ব তাকো নির্ণয় কৰিব লাগিছিল, আৰু প্ৰতি সপ্তাহৰ সভাত ৰাইজৰ বিবেচনাৰ বাবে ছ’ছাইটিৰ তিনি-চাৰিটা বিশিষ্ট পৰীক্ষা সাজু কৰিব লাগিছিল। তেওঁৰ এই অপৰ্য্যাপ্ত কৰ্মস্পৃহা আৰু দক্ষতাৰ বাবে সেই সময়ত ৰয়েল ছ’ছাইটিয়ে দোপত দোপে উন্নতি কৰিছিল।

এই সময়তে এটা প্রতিফলন দূৰবীণ সাজি হুকে কালপুরুষ (Orion) নক্ষত্রমণ্ডলীৰ পঞ্চম তৰাটো আবিষ্কাৰ কৰে। ১৬৬৪ চনত তেৱেঁই প্রথম ঘোষণা কৰে যে বৃহস্পতি গ্ৰহটোৱে তাৰ অক্ষৰ ওপৰত আৱৰ্তন করে। মণ্ডল গ্ৰহটোৰো তেওঁ বিতং ছবি আঁকি ৰাখে। এই ছবিবোৰৰ সহায়তে ১৯ শতিকাত মণ্ডলৰ আৱৰ্তনৰ হাৰ নিৰ্ণয় কৰা হয়।

ৰবাৰ্ট হুকৰ বিজ্ঞানৰ অৱদান

১৬৬৫ চনত তেওঁ গ্ৰিছাম কলেজৰ জ্যামিতিৰ অধ্যাপক নিযুক্ত হয়। এই বছৰতে তেওঁ ‘মাইক্ৰ’গ্ৰাফিয়া’ (সৰু সৰু ছবি) নামৰ পুথিখন প্ৰকাশ কৰে। তেওঁ তাত বৰফৰ কোঁহাৰ (snowflakes) ক্রিষ্টেলীয় গঠন, ৰেচম সূতাৰ দৰে পদ্ধতিৰে কৃত্ৰিম সূতা তৈয়াৰ কৰা প্ৰণালী আদিৰ বিতং চিত্ৰ প্ৰকাশ কৰে। কৰ্কৰ মৌবাহৰ দৰে গঠনক তাতেই তেওঁ ‘কোষ’ নামকৰণ কৰে।

১৬৬৭ চনত হুকে লণ্ডনৰ জৰীপকৰ্তা হিচাপে যোগ দিয়ে। এটা স্থিৰ দৰমহাৰ সা-সুবিধা পাই তেওঁ ৰয়েল ছ’ছাইটিৰ সেৱাত আত্মনিয়োগ কৰে। এইখিনি সময়তে তেওঁ বহুতো বিশিষ্ট অৱদান আগ বঢ়ায়। সেই সময়ত ইংলণ্ডৰ শক্তি নিৰ্ভৰ কৰিছিল তাৰ নৌ-বাহিনীৰ শক্তিৰ ওপৰতে। নৌ-পৰিচালনাৰ বাবে লগা বৈজ্ঞানিক বতবিদ্যাৰ তেৱেঁই প্রতিষ্ঠা কৰে। তাৰ বাবে লগা বেৰ’মিটাৰ, হাইগ্ৰ’মিটাৰ, বাত-মেতা, থাম ‘মিটাৰ আদি তেৱেঁই প্ৰস্তুত কৰি দিয়ে। ভৱিষ্যতৰ যুগবোৰতো ইংলণ্ডই সাগৰত আধিপত্য বজাই ৰাখিব পৰাৰ ক্ষেত্ৰত ৰবাৰ্ট হুকৰ অৱদানো উল্লেখনীয়।

তেওঁ ভেকুৱাম পাম্প সজাত সফল হোৱাৰ পাছত সেই পাম্পৰ সহায়ত প্রকোষ্ঠ একোটাৰ বায়ু কিছু কম কৰি, তাত জুই জুলাই প্রমাণ পালে যে বায়ুৰ এটা অংশইহে জুই জ্বলাত সহায় কৰে। পাছত এই অংশটো প্ৰাণীৰ স্বসনতো লাগে বুলিও তেওঁ প্ৰমাণ কৰিলে। এয়া যে অক্সিজেনৰ আৱিষ্কাৰৰে পূৰ্বাভাস সেই কথা বুজিবলৈ এতিয়া আৰু টান নহয়। কিন্তু এই আৱিষ্কাৰৰ বাবে হুকে কোনো স্বীকৃতি নাপালে।

১৬৬৬ চনতে হুকে ঘোষণা কৰিছিল যে দোলকৰ গতিৰ সহায়ত মহাকৰ্ষণৰ বল জুখিব পৰা যাব। পৃথিৱী আৰু চন্দ্ৰই সূৰ্য্যৰ চাৰিওফালে উপবৃত্তকাৰ পথত ঘূৰে বুলিও তেওঁ মত দিছিল।

১৬৭২ চনত তেওঁ পোহৰৰ অপৱৰ্তন (difraction) নামৰ পৰিঘটনাটো আৱিষ্কাৰ কৰে। হুকেই প্রথমে সাধাৰণীকৰণ কৰি ঘোষণা কৰে যে তাপ দিলে বস্তুৰ আয়তন বাঢ়ে। বায়ু বহুত আঁতৰে আঁতৰে থকা কণা কিছুমানেৰে গঠিত বুলিও তেৱেঁই প্রথমে মত দিয়ে। তেওঁ ঘড়ীৰ বেলেন্স স্প্রিং আৰু অংক কৰা যন্ত্ৰও উদ্ভাৱন কৰে।

মানুহ হিচাপে ৰবাৰ্ট হুকক বৰ খঙাল, স্বাৰ্থপৰ আৰু বিমৰ্ষ লোক বুলি বহুতে অপবাদ দি গৈছে। কিন্তু তেওঁৰ বহুতো বন্ধু-বান্ধৱ থকালৈ চাই এই অপবাদ মানি লোৱা টান।

১৭০৩ চনৰ ৩ মাৰ্চৰ দিনা লওনত ৰবাৰ্ট হুকৰ মৃত্যু হয়। ৰয়েল ছ’ছাইটিয়ে এই কলাকুশলী আৰু বিজ্ঞানীজনাৰ শৱদেহ সৎকাৰ কৰি তেওঁৰ প্ৰতি সন্মান যাচে।

Rate this post

Leave a Comment