ব্লেইজ পাস্কেলৰ (Blaise Pascal) বিষয়ে ৰচনা । Blaise Pascal Biography in Assamese I Blaise Pascal life history in Assamese
সপ্তদশ শতিকাৰ প্ৰথমভাগৰ কথা। ফ্ৰান্সৰ মধ্যবিত্ত শ্ৰেণীৰ এটা পৰিয়ালত দেউতাকজনে আহি দেখিলে যে তেওঁৰ বাৰ বছৰীয়া ল’ৰাটোৱে মজিয়াতে বহি গণিতৰ কিবা কিবি ছবি আঁকি আছে। ওচৰলৈ আহি চাই দেখিলে যে সি জ্যামিতিৰ কিবা আঁক-বাক কৰিছে আৰু সোধাত ক’লে যে ত্ৰিভুজৰ তিনিটা কোণ লগ লাগিলে যে দুই সমকোণ হয় সেই কথাটো সি প্ৰমাণ কৰি চাব খুজিছে। তাকে দেখি ল’ৰাটোৰ দেউতাক এটিয়েন পাস্কেল বৰ আচৰিত হ’ল আৰু তেওঁৰ মনত বৰ গৌৰৱবোধো হ’ল। অৱশ্যে তাৰ কাৰণো আছিল। দেউতাকে নিজে অংক বৰ ভাল পাইছিল আৰু ভাবিছিল যে সকলো শিক্ষাৰে ওপৰত থাকিব লাগে গণিত শিক্ষা।
কিন্তু তাৰ আগতে তেওঁৰ ল’ৰা-ছোৱালীহালে লেটিন, গ্রিক, ভূগোল, বুৰঞ্জী আদি শিকি শেষ কৰিব লাগিব আৰু মাত্র ১৬ বছৰ বয়স পালেহে সিহঁতক জ্যামিতিৰ শিক্ষা দিবলৈ আৰম্ভ কৰিব লাগিব। সেইবাবে ঘৰখনৰপৰা গণিতৰ সকলো কিতাপ পত্ৰ আঁতৰাই পেলোৱা হৈছিল। কিন্তু এই সকলো সাৱধানতা অৱলম্বন কৰা সত্ত্বেও পুতেক ৱেইজে বাৰ বছৰ বয়সতে একেবাৰে নিজাকৈ ইউক্লিড জ্যামিতিৰ বহু কথা উদ্ভাৱন কৰি পেলাইছিল। ৰেখা আৰু বৃত্তবোৰক সি ৰেখা আৰু বৃত্ত বুলি নাজানিছিল। নিজা নামেৰে সিহঁতক দীঘল’ আৰু ‘গোল’ বুলি মাতিছিল আৰু সেইবোৰৰ নানা ধর্ম সি নিজে আৱিষ্কাৰ কৰি পেলাইছিল। এনে কথা কাও দেখিলে কোনো দেউতাকৰে গৌৰৱবোধ নোহোৱাকৈ নোৱাৰে।
পাস্কেলৰ গণিতৰ অৱদান
ব্লেইজ পাস্কেলৰ জন্ম হৈছিল ১৬২৩ চনৰ ১৯ জুন তাৰিখে ফ্ৰান্সৰ ক্লেম-ফেৰাঁ নামৰ ঠাইখনত। তেওঁৰ দেউতাক এটিয়েন পাস্কেল তাত কৰ বিভাগৰ আদালতৰ বিচাৰক আছিল। ১৬২৬ চনত পাস্কেলৰ তিনি বছৰ বয়সতে মাকৰ মৃত্যু হয় আৰু ১৬৩১ চনত পৰিয়ালটো পেৰিছলৈ গুচি যায়। পাস্কেলতকৈ দুবছৰৰ সৰু ভনীয়েক জেকেলিনো বৰ তীক্ষ্ণবুদ্ধিৰ আছিল আৰু সৰুতেই তাই সাহিত্য বিষয়ত যথেষ্ট মেধাৰ পৰিচয় দিছিল। সেইদৰে ব্লেইজেও গণিতত তাৰ প্ৰখৰ বুদ্ধিৰ পৰিচয় দিছিল।
১৬৪০ চনত মাত্ৰ সোতৰ বছৰ বয়সতে ব্লেইজে শাংকৱৰ বিষয়ে ৰচনা’ (Essay of on Conics) নামৰ এখন পুথি ৰচনা কৰে। তাত তেওঁ আগতে গিৰাৰ্ড ডেছাৰ্গ (Girard Desargues) নামৰ গণিতজ্ঞ গৰাকীয়ে মাথোঁ উনুকিয়াই যোৱা শংকুৰ ছেদত উৎপন্ন হোৱা বক্ৰবোৰৰ বিষয়ে নানা জ্যামিতীয় প্রমাণ দাঙি ধৰে। (এতিয়া ইয়াক সংশ্লেষিত প্রক্ষেপ জ্যামিতি নামেৰে জনা যায়।) এই প্রমাণেৰে পাস্কেলে সৰুতে ইমান নাম কৰে যে পৃথিৱীৰ বিভিন্ন গণিতজ্ঞই তেওঁক তেওঁৰ সেই সফলতাৰ বাবে অভিনন্দন জনায়।
অৱশ্যে ফ্ৰান্সৰ নামী গণিতজ্ঞ ৰেনে ডেকার্টে একমাত্র ঈৰ্ষাৰ বাবেই তেওঁক স্বীকৃতি দিবলৈ অস্বীকাৰ কৰে নিজৰ চুটি জীৱনকালতে পাস্কেলে তেওঁৰ গণক যন্ত্ৰটোৰ বাবে বিখ্যাত হৈ পৰে। তেওঁৰ দেউতাক ১৬৪০ চনত করেন নামৰ ঠাইখনৰ কৰ সংগ্ৰাহক হিচাপে নিযুক্ত হয়। তেওঁৰ কামৰ বোজা আছিল অত্যন্ত বেছি। ৰাতি দুই বজাৰ আগতে তেওঁ কেতিয়াও শুবলৈ যাব পৰা নাছিল। রেইজে দেখিলে। যে দেউতাকৰ কামৰ বোজা লাঘৱ কৰিব লাগিলে যোগ, বিয়োগ, পূৰণ, হৰণ আদি কৰিব পৰা যন্ত্ৰ এটা সাজি উলিয়াব লাগিব। বহুদিন ধৰি চেষ্টা কৰি ১৬৪৫ চনত তেওঁ তেনে এটা যন্ত্ৰ উদ্ভাৱন কৰিলে এই যন্ত্ৰটো পেটেন্ট কৰিবলৈও তেওঁ চেষ্টা কৰিছিল। ১৬৫২ চনত যন্ত্ৰটোৰ ব্যাবসায়িক উৎপাদন আৰম্ভ হয়। তেওঁ এই যন্ত্ৰটো লৈ ইমান গৌৰৱান্বিত আছিল যে তাৰে এটা ছুইডেনৰ বাণী প্রিস্টিনালৈ উপহাৰ হিচাপে পঠাইছিল।
পাস্কেলৰ বিজ্ঞানৰ অৱদান
পাস্কেল যিসময়ৰ লোক আছিল সেইসময়ত বিজ্ঞান জগতখনত নানা আবিষ্কাৰ আৰু পৰীক্ষাৰ উখল-মাখল লাগি আছিল। পাস্কেলে যদিও টলিছেলি বা গেলিলিঅক কেতিয়াও লগ পোৱা নাছিল, তেওঁ তেওঁলোকৰ কৰ্মৰাজিৰদ্বাৰা কিন্তু বৰকৈ অনুপ্রাণিত হৈছিল।
১৬৪২ চনত গেলিলিঅ’ৰ আৰু ১৬৪৭ চনত আকস্মিকভাৱে টৰিছেলির মৃত্যু হোৱা বাবে তেওঁলোকে তেওঁলোকৰ বেন ‘মিটাৰ আৰু ভেকুৱামৰ পৰীক্ষা নিৰীক্ষা বেছি দুখ চলাই যাব নোৱাৰিলে। টৰিছেলিৰ সেই ভেকুৱামৰ বাতৰি ফ্রান্সলৈ আহিল ফাদাৰ মেৰছেন নামৰ পণ্ডিতলৈ এখন চিঠি হিচাপে আৰু ১৬৪৬ চনতহে ব্ৰেইজ পাস্কেলে সেই বিষয়ে জানিব পাৰিলে পিয়ের পটিত নামৰ এজন পণ্ডিতে তেওঁলোকৰ ঘৰলৈ আলহী হৈ আহোতেহে। মেৰছেন আৰু পটিতে টৰিছেলিৰ পৰীক্ষাটো পুনৰবাৰ কৰি চাবলৈ চেষ্টা কৰি বিফল হৈছিল বুলিও পাস্কেলে শুনিলে । তাৰ কাৰণ আছিল। তেওঁলোকে ব্যৱহাৰ কৰা কাঁচৰ নলীবোৰ বৰ ঠুনকা আছিল। ফ্রান্সত পাস্কেল থকা করেন নামৰ ঠাইখনতে এটা নামী কাঁচৰ কাৰখানা আছিল। তেওঁলোকে লগে লগে এটা চাৰি ফুট দীঘল কাঁচৰ নলী গঢ়াই আনিলে। তাৰ পাছত টৰিছেলিৰ সেই নলীত পাৰা ভৰাই পাৰাৰ বাটি এটাত নলীটো উবুৰিয়াই দি নলীটোত সৃষ্টি কৰা ভেকুৱামৰ পৰীক্ষা তেওঁলোকেও কৰি চাব পাৰিলে।
টৰিছেলিৰ ভেকুৱামৰ ব্যাখ্যা মাছেন বা পিয়েৰ পটিত কোনেও নাজানিছিল । সেইবাবে তেওঁলোকৰপৰা পাস্কেলে একো জনাও নাছিল। তেওঁ নিজাভাগেই চিন্তা কৰি উদ্ভাৱন কৰিলে যে ইয়াৰ কাৰণ বায়ুমণ্ডলীয় চাপেই হ’ব লাগিব। তেওঁ ৪৬ ফুট পৰ্য্যন্ত দীঘল নলী লৈ পৰীক্ষা কৰি এইটোও প্ৰমাণ কৰিলে যে পাৰা ৭৬ ছেণ্টিমিটাৰ ওপৰলৈ উঠে যদিও পানী কিন্তু ৩৪ ফুট (১০.৩ মিটাৰ) আৰু ৰঙা মদ ৩৪.৬ ফুট (১০.৫ মিটাৰ) ওপৰলৈ উঠে। তেল উঠে প্রায় ৪০ ফুট (১২.১৯ মিটাৰ) ওপৰলৈ। এনেদৰে নলীবোৰৰ ওপৰত ভেকুৱামৰ সৃষ্টি কৰি তেওঁ সেই বিষয়ে তেওঁৰ পৰীক্ষা-নিৰীক্ষাৰ ফলবোৰ গোট খুৱাই এখন প্ৰপত্ৰও প্ৰকাশ কৰিলে।
১৬৪৬ খ্রিষ্টাব্দলৈ পাস্কেলৰ পৰিয়াল ৰোমান কেথলিক নীতিত বিশ্বাসী আছিল। কিন্তু সেই সময়তে দেউতাকৰ এটা টান নৰীয়া হোৱাৰ পাছত ব্লেইজে তেওঁৰ ধর্মমত কিছু সলনি কৰি প’ৰ্ট ৰয়েল কনভেণ্টৰ অন্য এটা পন্থালৈ তেওঁৰ মন ঢাল খুৱায়। এই পন্থামতে জীৱনৰ সকলো কথায়েই ঐশ্বৰিক শক্তিবদ্বাৰা নিৰ্ধাৰিত হয়, কামৰ ওপৰত ই নিৰ্ভৰ নকৰে।