কেৰ’লাছ লিনিয়াছৰ (Carolus Linnaeus) বিষয়ে ৰচনা । Carolus Linnaeus Biography in Assamese I Carolus Linnaeus life history in Assamese
কেৰ’লাছ লিনিয়াছৰ বিষয়ে চমুটোকা
আজিকালি কলেজ, বিশ্ববিদ্যালয়ৰ উদ্ভিদবিজ্ঞানৰ ছাত্ৰসকলে উদ্ভিদৰ অধ্যয়নৰ বাবে ক্ষেত্র অধ্যয়ন বা ফিল্ড ট্রিপলৈ যায়। তেনে প্ৰথমটো ক্ষেত্র অধ্যয়ন আৰম্ভ হৈছিল ১৭৩২ চনত। ছুইডেনৰ উপছালা বিশ্ববিদ্যালয়ৰ জোষ্ঠ উদ্ভিদবিজ্ঞানী অলফ ছেলছিয়াছে। দেখিলে যে তালৈ নতুনকৈ পঢ়িবলৈ অহা কেৰ’লাছ নামৰ ল’ৰাজনৰ নানা ধৰণৰ উদ্ভিদ আৰু ফুল-ফলত বৰ বাপ। তেওঁ ছাত্ৰজনক বৰ উৎসাহ দি ছুইডেনৰ উত্তৰফালৰ লেপলেও নামৰ অঞ্চলটোৰ উদ্ভিদবোৰ অধ্যয়ন কৰিবলৈ লগাই দিলে। ইয়াৰ পাছত আৰু কেৰ’লাছ লিনিয়াছে উভতি চাব লগা নহ’ল। তেওঁ উদ্ভিদবিজ্ঞানৰ গৱেষণাত সঁচাকৈয়ে নিজৰ দখল আনি ল’লে।
কে লাছ লিনিয়াছৰ জন্ম হৈছিল ১৭০৭ চনৰ ২৩ মে তাৰিখে ছুইডেনৰ ৰছাল্ট নামৰ ঠাইখনত । তেওঁৰ দেউতাক আছিল গাঁৱৰ এজন দুখীয়া ধৰ্ম- যাজক। সৰুতেই তেওঁ গছ-লতা, ফল-ফুলৰ প্ৰতি ইমান আগ্রহ দেখুৱাইছিল যে আঠ বছৰ বয়সতে গাঁৱৰ ল’ৰা-ছোৱালীবোৰে তেওঁক সৰু উদ্ভিদবিজ্ঞানী’ বুলি জোকাইছিল। এইবোৰ কামত লাগি থকাতকৈ চিকিৎসাবিজ্ঞান পঢ়িলেহে ভাল হ’ব বুলি দেউতাকে তেওঁক লাগু আৰু উপছালা বিশ্ববিদ্যালয়লৈ চিকিৎসাবিজ্ঞানৰ ডিগ্রিৰ বাবে পঢ়িবলৈ পঠাই দিয়ে। এই উপস্থালাতেই তেওঁ প্ৰসিদ্ধ উদ্ভিদবিজ্ঞানী অলফ ছেলছিয়াছক লগ পায়। এইগৰাকী প্ৰসিদ্ধ শিক্ষকৰ প্রভাবে কেৰালাছ লিনিয়াছৰ পাছৰ জীৱন আৰু কাৰ্য্যপদ্ধতি নির্ণয় কৰিলে।
কেৰ’লাছ লিনিয়াছৰ বিজ্ঞানৰ অৱদান
১৭৩০ চনত লিনিয়াছ উপছালা বিশ্ববিদ্যালয়ৰ উদ্ভিদবিজ্ঞান বিভাগৰ প্ৰবক্তা নিযুক্ত হ’ল। দুবছৰ পাছত তেওঁ উপছালা একাডেমি অব্ ছাইন্সেজৰ অধীনত লেপলেও নামৰ ঠাইখনৰ উদ্ভিদসমূহৰ বিষয়ে অধ্যয়ন চলায়। সেই সময়ত শ শ কিল’মিটাৰ জুৰি কৰা তেওঁৰ অধ্যয়নৰ বাবে মাত্ৰ তেওঁৰ সংগী আছিল এটা দূৰবীণ, এডাল স্কেল, এখন কটাৰি, এটা বন্দুক, এখন ডায়েৰি, কলম আৰু চিয়াঁহি, এটা সৰু অণুবীক্ষণ যন্ত্ৰ আৰু গছ-গছনি সংগ্ৰহ কৰি শুকাবলৈ কিছু কাগজ। অৱশ্যে হারিয়ে-জংগলে ঘূৰি ফুৰিবলগীয়া হোৱা বাবে তেওঁ আঠুৱা লগত লৈ গৈছিল। এই সকলো ঘোঁৰাৰ পিঠিত বোজাই দি তেওঁ হাবিয়ে-বননিয়ে ঘূৰি ফুৰিছিল। এইবোৰত তেওঁ নানা ধৰণৰ বহুতো ফল-ফুল আৰু উদ্ভিদৰ বহুতো নমুনা সংগ্ৰহ কৰি তেওঁৰ নিজা বিজ্ঞানাগাৰলৈ লৈ আহে। তদুপৰি দেশখনৰ বন সম্পদৰ সম্ভাৱনাৰ বিষয়ে তেওঁ ইমান নিশ্চিত হ’ল যে ঘূৰি আহি তেওঁ হাবি-বননি ৰক্ষণাৱেক্ষণৰ বাবে পৰামৰ্শ দিলে। ওঠৰ শতিকাৰ আদিভাগত সেয়া একেবাৰে সম্পূৰ্ণ নতুন ধাৰণা আছিল।
ঘৰলৈ উভতি অহাৰ পাছত কাৰ্লৰ ছাৰা মৰিয়া লিজা নামৰ গাভৰু এগৰাকীৰ লগত বন্ধুত্ব হ’ল। কিছুদিন বন্ধুত্বৰ পাছত তেওঁক বিয়া কৰিব খোজাত ছোৱালীজনীৰ ডাক্তৰ দেউতাকে এটা বৰ কামৰ কথা ভাবিলে। তেওঁ ভাবিলে যে গছ-গছনি, ফল-ফুলৰ বিশেষজ্ঞ এগৰাকী জোঁৱাই হিচাপে সিমান উপযুক্ত হ’ব নোৱাৰে। সেইবাবে তেওঁ কার্লক হলেণ্ডলৈ গৈ তিনিবছৰ অধ্যয়ন কৰি ডাক্তৰ হৈ আহিবলৈ নিৰ্দেশ দিলে। তেওঁ প্রতিশ্রুতি দিলে ছাৰা লিজা এই তিনিবছৰ তেওঁৰ বাবে অপেক্ষা কৰি থাকিব। ডেকা উদ্ভিদবিজ্ঞানী কালে গত্যন্তৰ নেদেখি তেওঁৰ পাণ্ডুলিপি আৰু যন্ত্ৰ- পাতিবোৰ হাতত লৈ হলেণ্ডলৈ গ’ল। কিন্তু তাত গৈ তেওঁ চিকিৎসাবিজ্ঞান পঢ়াৰ লগতে হলেণ্ডৰ অতি চহকী উদ্ভিদ জগতখনৰ বিষয়েও অধ্যয়ন আৰম্ভ কৰিলে। ১৭৩৯ চনত চিকিৎসাবিজ্ঞানৰ ডিগ্রি লৈ উভতি আহিহে তেওঁ ছাৰা মৰিয়াক বিয়া কৰালে। বিয়াৰ দুবছৰৰ পাছত তেওঁ উপছালা বিশ্ববিদ্যালয়ৰ চিকিৎসাবিজ্ঞানৰ আসন এখনত নিযুক্ত হ’ল। কিন্তু এবছৰমানৰ পাছতে উদ্ভিদবিজ্ঞানৰ তেনে এখন আসন তেওঁ সলনাসলনি কৰি গ্ৰহণ কৰিলে। কাৰণ উদ্ভিদবিজ্ঞানৰ প্ৰতিহে তেওঁৰ বিশেষ ৰাপ আছিল।
তেওঁৰ এখন পাণ্ডুলিপিয়ে ইতিমধ্যে যথেষ্ট আলোড়নৰ সৃষ্টি কৰিছিল। কাৰণ অতি কবিত্বপূর্ণ লেটিন ভাষাত লেনিয়াছে সকলো শ্রেণী- বিভাজন কৰাৰ বাবে এক ‘যৌন’ পদ্ধতি অৱলম্বন কৰিছিল। তেওঁ দেখুৱাইছিল যে একোপাহ ফুলত একোটা স্ত্রী অংগ থাকে আৰু তাতে ডিম্বকোষ আৰু গর্ভাশয় থাকে। এই গৰ্ভাশয়তে নিয়েচনৰ পাছত গুটিবোৰ অৱস্থান কৰে। লিনিয়াছে এই বুলিও ক’লে যে ফুলৰ ৰেণুৱে বহন কৰি আনে আৰু সেয়া আছে পুংজনন কেন্দ্ৰৰপৰা।
অতি কবিত্বময় ভাষাত লিনিয়াছে এই কথাবোৰ এনেদৰে ব্যাখ্যা কৰিছিল—“ফুলৰ আচল পাহিবোৰে প্ৰজননত কোনো অংশগ্ৰহণ নকৰে, সেইবোৰ স্ৰষ্টাই মাত্ৰ বিবাহৰ শয্যা হিচাপেহে সৃষ্টি কৰিছে আৰু তাক সুগন্ধি দ্ৰবেৰে বোলাই তাত পর্দা টানি দিছে।”
তেওঁৰ লেপলেণ্ডৰ প্ৰথম ক্ষেত্ৰ অধ্যয়নৰ ভিত্তিত প্ৰকাশ কৰা ‘ফ্ল’ৰা লেপ’নিকা’ নামৰ পুথিয়ে (১৭৩৭ চন) ইতিমধ্যে তেওঁলৈ যথেষ্ট সন্মান আনি দিছিল। ১৭৩৫ চনত তেওঁ প্ৰকাশ কৰা ‘ছিষ্টেমা নেচাৰি’ (Systema Naturae) আৰু তাৰ দুবছৰৰ পাছত প্রকাশ করা ‘জেনেৰা প্লেটেরাম’ (Gereta Plantarum) নামৰ পুথি দুখনিয়ে তেওঁক উদ্ভিদবিজ্ঞানী হিচাপে প্রতিষ্ঠা কৰিলে। ১৭৫৩ চনত তেওঁৰ আন এখন বিখ্যাত কিতাপ স্পেচিছ পেন্টোম (Species Plantaram) প্রকাশিত হয়। গোটেই পৃথিবী জুৰি তাৰ পাছত স্পেচিছ প্লেন্টেৰাম আৰু জেনেৰা প্লেণ্টেৰামৰ ভিত্তিতে উদ্ভিদবিজ্ঞানৰ নাম- কৰণ হ’বলৈ ধৰিলে। বিশেষকৈ সপুষ্পক উদ্ভিদ আৰু ঢেঁকীয়াৰ যে এত এই নামকৰণ সুন্দৰকৈ ব্যৱহৃত হ’ল। লিনিয়াছে তেওঁৰ ‘নেছাৰি’ নামৰ পুথিখনৰ পাণ্ডুলিপি উদ্ভিদবিজ্ঞানী জান ফ্রেডরিক এন ভিয়াছক দেখুৱাইছিল। এন ভিয়াছে এই পাণ্ডুলিপি দেখি ইমানেই আকৰ্ষিত হ’ল যে নিজৰ খৰচত তেওঁ পুথিখন ছপাই উলিয়ালে।
কেৰ’লাছ লিনিয়াছৰ দ্বিক পদ্ধতি (binomial system)
লিনিয়াছৰ পদ্ধতিত বিশেষকৈ ‘স্পেচিছ পেন্টেৰাম’ত তেওঁ প্ৰকাশ কৰা পদ্ধতি মতে যিকোনো উদ্ভিদৰ নামকৰণৰ বাবে দুটা শব্দ ব্যৱহাৰ কৰা হয়। ইয়াকে দ্বিক পদ্ধতি (binomial system) বোলা হয়। এই পদ্ধতিত প্রত্যেক উদ্ভিদক দুটা শব্দেৰে নাম দিয়া হয়। তাৰে প্ৰথম শব্দটো লেটিন বিশিষ্ট শব্দেৰে গণীয় নাম দিয়া হয় আৰু দ্বিতীয়টো এটা বিশেষণেৰে প্ৰজাতিৰ নাম দিয়া হয়। উদাহৰণ স্বৰূপে সকলো “গোলাপকে ৰোজা (Rosa) এই প্রথম শব্দটোৰে সূচালেও ইহঁতৰ প্ৰজাতিবোৰক ৰোজা গেলিকা (Rosa gallica) আৰু ৰোজা অডৰেটা (Rosa odorata) আদি নামেৰে সূচোৱা হয়। এই কৃত্রিম পদ্ধতিৰে লিনিয়াছে অসংখ্য প্রজাতিৰ নাম দি গ’ল। এই দ্বিক পদ্ধতিৰ নামৰ পাছত আবিষ্কর্তা বা চিনাকি কৰোঁতাগৰাকীৰ নাম চমুকৈ দিয়া হয়। উদাহৰণ স্বৰূপে, বিটা ভালগাছি এল (Beta vulgaris L)- কে সাধাৰণ বিট বা চালগোম বুজায় আৰু তাক লিনিয়াছে চিনাক্তকৰণ কৰিছিল।
এনেবোৰ বিৰল অৰিহণাৰ কাৰণে লিনিয়াছলৈ যথেষ্ট সন্মান আৰু পুৰস্কাৰ আহিবলৈ ধৰে। ১৭৬১ চনত তেওঁক এজন অভিজাত ব্যক্তিৰ শাৰীলৈ অনা হ’ল আৰু সেইবাবেই তেওঁৰ নতুন নাম হ’ল কার্ল ফন লিনে (Carl von Linne) হৈ পৰিল। তেওঁৰ ওচৰত শিক্ষাগ্ৰহণ কৰিবলৈ গোটেই পৃথিৱীৰপৰা ছাত্র আহিবলৈ ধৰিলে। তেওঁলোকে উভতি গৈ তেওঁলোকৰ দেশত লিনিয়াছৰ পদ্ধতিৰে উদ্ভিদ চিনাক্তকৰণত মনোনিৱেশ কৰিলে। সেইবাবে লিনিয়াছৰ পদ্ধতি চৌদিশে বিয়পি গ’ল আৰু চিনাক্ত কৰা উদ্ভিদৰ সংখ্যাও দিনক দিনে বাঢ়ি আহিবলৈ ধৰিলে। তেওঁৰ প্রথম পুথিখনত তেওঁৰ পদ্ধতিৰ ব্যাখ্যা কৰোঁতে আৰু কিছুমান প্ৰজাতি চিনাক্তকৰণ কৰোঁতে মাত্র চৈধ্যটা পৃষ্ঠাহে লাগিছিল।
কিন্তু তেওঁৰ মৃত্যুৰ দহ বছৰ আগতে প্রকাশিত পুথিখনৰ দ্বাদশ সংস্কৰণত ২৫০০ পৃষ্ঠা লাগিছিল। লিনিয়াছৰ এই কাম অতি মহৎ হ’লেও তাত বহুতো ভুলো ওলাইছিল। ডাৰউইনেও পাছত এটা শ্ৰেণীবিভাজন পদ্ধতি উদ্ভাৱন কৰিছিল। ডাৰউইনৰ বহুতো কথা লিনিয়াছে বহু আগতেই অনুমান কৰিব পাৰিছিল। সেই কাৰণে তেওঁ প্ৰাণীৰ ৰাজ্যখনকো শ্ৰেণী আৰু উপশ্রেণীত ভগাই পেলাইছিল। অৱশ্যে মানুহ, বনমানুহ, লেমুৰ আৰু বাদুলি সকলোকে নৰবান্দৰ (Primates) নামৰ এটা শাখাৰ অন্তৰ্ভুক্ত কৰি তেওঁ যথেষ্ট সমালোচনাৰে সম্মুখীন হ’বলগীয়া হৈছিল।
১৭৭৪ চনত তেওঁ সন্ন্যাস ৰোগত আক্ৰান্ত হয়। আৰু সেইটোৱেই তেওঁক যথেষ্ট দুৰ্বল কৰি থৈ গ’ল। তাৰ চাৰি বছৰৰ পাছত ১৭৭৮ চনৰ জানুৱাৰি মাহৰ ১০ তাৰিখে উপছালাতেই লিনিয়াছে শেষ নিশ্বাস ত্যাগ কৰিলে।
লিনিয়াছৰ পাণ্ডুলিপি আৰু তেওঁৰ পাদপ সংগ্ৰহ (herbarium) আৰু তেওঁৰ কীট-পতংগ, শামুক আদিৰ সংগ্ৰহ ১৭৮৩ চনত ছাৰ জে. ই. স্মিথ নামৰ এগৰাকী ইংৰাজ ভদ্রলোকে কিনি লৈ যায় আৰু এতিয়াও সেইবোৰ লণ্ডনৰ বাৰ্লিংটন হাউছত থকা লিনিয়ান ছ’ছাইটিত সংগ্ৰহ কৰি ৰখা হৈছে। এতিয়াও প্রায় আঢ়ৈশ বছৰৰ পাছতো লিনিয়াছৰ কৰ্মৰাজি উদ্ভিদবিজ্ঞানৰ ছাত্ৰৰ বাবে অনুপ্ৰেৰণাৰ উৎস আৰু দিক্ দর্শনকাৰী।