আমাৰ নিয়ম Class 10 পাঠভিত্তিক প্রশ্নোত্তৰ | SEBA Class 10 Assamese Question Answer
আমাৰ নিয়ম পাঠভিত্তিক প্রশ্নোত্তৰ
১। অতি চমু উত্তৰ দিয়া :
(ক) কৰিয়ে কাৰ খোজত কোনে দুখ পায় বুলি কৈছে ?
উত্তৰ : কবিয়ে ঠন ধৰি উঠা দুৱৰিৰ ওপৰেদি আনন্দ মনে খোজ কাঢ়ি ফুৰাজনৰ ভৰিৰ গচকত দুৱৰীয়ে দুখ পোৱাৰ কথা কৈছে।
(খ) ‘আমাৰ নিয়ম’ কবিতাটো ক’ৰপৰা লোৱা হৈছে?
উত্তৰ : ‘আমাৰ নিয়ম’ কবিতাটো দুৰ্গেশ্বৰ শৰ্মা ৰচনাৱলীৰপৰা লোৱা হৈছে।
(গ) দুৰ্গেশ্বৰ শৰ্মা কি কবি হিচাপে পৰিচিত ?
উত্তৰ : দুর্গেশ্বৰ শৰ্মা দার্শনিক কবি হিচাপে পৰিচিত।
(ঘ) মানুহৰ দ্বাৰা গঠিত ৰীতি-নীতিত কি কি বিৰাজিত হৈ আছে বুলি কৈছে?
উত্তৰ : মানুহৰ দ্বাৰা গঠিত সকলো ৰীতি-নীতিত স্বাৰ্থ বিৰাজিত হৈ থকা বুলি কৈছে।
(ঙ) দুৰ্গেশ্বৰ শৰ্মাৰ দুখন কবিতা পুথিৰ নাম লিখা।
উত্তৰ : দার্শনিক কবি দুৰ্গেশ্বৰ শৰ্মাৰ দুখন কবিতাপুথি হ’ল— অঞ্জলি আৰু নিবেদন।
২। আমাৰ নিয়ম’কবিতাটোৰ মূলভাব লিখা
উত্তৰ : এই পৃথিৱীত জীৱজগতৰ নিৰৱচ্ছিন্ন বহমান সোঁতটো প্ৰকৃতিক আশ্ৰয় কৰি প্ৰৱাহিত হৈ থাকে। এই সোঁতটোৰ প্ৰকৃতিয়ে হ’ল ঘাই নিয়ামক। প্রকৃতিয়ে সদায় উদাৰ দৃষ্টিৰে সকলোকে সমদৃষ্টিৰে অৱলোকন কৰে। তাত কোনো স্বাৰ্থ বা বৈষম্যৰ ভেদ ভাব জড়িত নাথাকে প্ৰকৃতিৰ বুকুৰ সকলো প্রাণীয়ে প্ৰকৃতিৰ নিয়ম মানি চলিলেও জীৱ শ্ৰেষ্ঠ বুলি অনবৰত অহং ভাবত মত্ত হৈ থকা মানুহে কেৱল নিজ স্বাৰ্থ পূৰণ কৰিবৰ বাবেই সততে প্ৰকৃতিৰ নিয়মতন্ত্র উলংঘন কৰে। মানুহে নিজ স্বাৰ্থ পূৰণ কৰিবৰ বাবে প্ৰকৃতিৰ আন প্ৰাণীৰ দুখ-কষ্টৰ প্ৰতিও ভ্রূক্ষেপ নকৰি নিজ স্বাৰ্থ পূৰণ কৰিবৰ বাবে নিজস্ব নিয়ম-নীতি নিজেই তৈয়াৰ কৰি লয়। সূক্ষ্ম দৃষ্টিৰে চালে মানুহে তৈয়াৰ কৰি লোৱা নিয়মতন্ত্ৰৰ সকলো নিয়ম-নীতি মানুহৰ নিজস্ব স্বার্থ জড়িত হৈ থকাৰ কু-চক্রান্ত জৰ্জল্ পটপটকৈ দৃষ্টিগোচৰ নোহোৱাকৈ নাথাকে। উদাহৰণস্বৰূপে ঠন ধৰা দূৱৰিৰ ওপৰেদি খোজ কাঢ়ি মানুহে আনন্দ লভে।
কিন্তু মানুহৰ খোজৰ ভৰত যে দূৱৰিৰ দেহৰ অৱস্থা থৰক-বৰক্ হৈ পৰে সেই কথা মানুহৰ মনলৈ নাহে। একেদৰে ৰমক্-জমক্কৈ ফুল ফুলি প্ৰকৃতিৰ বিন্দীয়া ৰূপত ৰহণ চৰাই থকা ফুল-গছৰ ফুল ছিঙি মানুহে গছজোপাক কষ্ট দিয়াৰ লগতে প্ৰকৃতিৰ বিনন্দীয়া সৌন্দর্যও ম্লান কৰি পেলায়। (কিন্তু মানুহে তৈয়াৰ কৰা আইনত এইবোৰ দোষণীয় কাৰ্যৰ ভিতৰত নপৰে। অৰ্থাৎ মানুহে নিজ স্বার্থ সিদ্ধি তথা সুখ-সমৃদ্ধিৰ বাবে সদায়ে প্ৰকৃতিৰ আইন ভংগ কৰাৰ লগতে নিজস্ব আইন বলৱৎ কৰি প্ৰকৃতি ৰাজ্যত নিজ স্বাৰ্থৰ বাবে সদায় আঘাত কৰি প্ৰকৃতি জগতৰ অন্যান্য প্রাণীৰ দুখ-কষ্টৰ কাৰণ হৈ উঠে। কবিৰ প্ৰকৃতি প্রেম আৰু মানুহৰ স্বাৰ্থপৰতাৰ চিত্ৰ অংকন কবিতাটোত প্রস্ফুটিত ৰূপত বিকশি উঠি কবিতাটোত এক হৃদয়স্পর্শী আবেদনে মানুহৰ নিজ স্বাৰ্থপৰতাৰ প্ৰতি চিন্তিত নকৰাকৈ নাথাকে, এই হৃদয়স্পর্শিতাই কবিতাটোৰ মূলভাবক সার্বজনীন কৰি তুলিছে।
৩। দূৱৰি গচকি ফুৰা ফুলো ছিঙি আনা’— এনে কাম আমি দোষৰ ভিতৰত নধৰো বুলি কবিয়ে কিয় কৈছে বুজাই লিখা ।
উত্তৰ : এই পৃথিৱীৰ সকলো প্ৰাণীতকৈ মানুহে হ’ল বুদ্ধি, বিবেক-বিবেচনা সম্পন্ন শ্রেষ্ঠ জীৱ। কিন্তু মানুহৰ শ্ৰেষ্ঠ জীৱৰ অন্তৰায় হ’ল মানুহৰ স্বাৰ্থপৰতা। মানুহে নিজ স্বাৰ্থ পূৰণৰ অৰ্থে অনায়াসে চিৰকাল প্ৰকৃতিৰ নিয়ম-নীতি উলংঘন কৰি প্ৰকৃতিৰ পিনে পিঠি দি নিজ স্বাৰ্থ পূৰণৰ বাবে নিজস্ব বিধি তথা আইন- কানুন, ৰীতি-নীতি তৈয়াৰ কৰি লৈছে। মানুহে প্রকৃতি বা আন প্রাণী, উদ্ভিদ, পৰ্বত-পাহাৰ, নৈ-নিজৰা, সাগৰ-মহাসাগৰ সকলোকে নিজস্ব নিয়মতন্ত্ৰৰ আয়ত্তাধীন কৰি অবাধে নিজ স্বাৰ্থ পূৰণ কৰি আহিছে আৰু নিজৰ সুখ-সমৃদ্ধিৰ প্ৰতি অত্যধিক লালায়িত হৈ অনবৰত উৎকট বস্তুবাদীৰ ৰূপত অৱতীৰ্ণ হৈ উন্মাদৰ দৰে সা- সম্পদৰ পিছে পিছে দৌৰ ধৰিছে। কবিয়ে দূৱৰি গচকি ফুৰা ফুলো ছিঙি আনা এই কথাখিনিৰ মাজেদিয়ে মানুহৰ স্বাৰ্থপৰতাৰ বিভিন্ন আঁৰ-বেৰ নৰখাকৈ উদঙাই দেখুৱাইছে। দূৱৰিৰ ওপৰেদি খোজ কাঢ়ি যেতিয়া আনন্দ লভে সেই সময়ত মানুহৰ খোজৰ ভৰত দূবৰিৰ অসহ্য যন্ত্ৰণাত প্ৰাণবায়ু নির্গত হোৱাৰ উপক্ৰম ঘটে। ৰমক্ জমকৈ ফুলি থকা ফুলে প্ৰকৃতিক বিনন্দীয়া ৰূপ দি আনক আনন্দ আপ্লুত কৰে। ফুল আৰু গছজুপিয়ে কাৰো অহিত সাধন নকৰি আমাক নিজস্ব আনন্দ বিলাই দিয়ে। অথচ এনে আনৰ হিত সাধনকাৰী ফুলজোপাৰপৰা অনধিকাৰ হস্তক্ষেপ কৰি মানুহে ফুল ছিঙি নিজ স্বাৰ্থ পূৰণ কৰাৰ ক্ষেত্ৰত বিবেক দংশন অনুভৱ নকৰে। আনকি মানুহে তৈয়াৰ কৰা আইনীতন্ত্ৰত দুৱৰি গছকি ফুৰা আৰু ফল ছিঙি অনা কাৰ্য দোষৰ ভিতৰতো নপৰে। ইয়াৰ কাৰণ হ’ল মানুহে তৈয়াৰ কৰা আইনতন্ত্ৰ কেৱল মানুহৰ স্বাৰ্থ পূৰণৰ বাবেহে ৰচনা কৰা হৈছে— প্রকৃতি বা আন জীৱৰ সুখ-দুখৰ প্ৰতি এই আইনীতন্ত্ৰৰ কোনো ভ্রূক্ষেপেই নাই। যিহেতু মানুহৰ আইনতন্ত্ৰ মানুহৰ স্বাৰ্থ পূৰণৰ বাবে ৰচিত হৈছে সেয়ে দূৱৰৰি ওপৰেদি খোজ কঢ়া, ৰমণীয়ভাৱে ফুলি থকা ফুল ছিঙা কাম দোষৰ ভিতৰত নপৰে বুলি কবিয়ে আক্ষেপ কৰিছে।
৪। কবিৰ মতে মানুহে কি কৰি মনে মনে ভাল পায় আৰু কাৰ কথা ভাবি নাচায় ?
উত্তৰ : এই পৃথিৱীৰ সকলো প্ৰাণীতকৈ মানুহে হ’ল সবাতোকৈ অধিক স্বাৰ্থপৰ প্ৰাণী। মানুহে কৰা সকলো কৰ্ম নিজ স্বাৰ্থৰ অনুকূলে কৰে। মানুহ ইমানেই স্বাৰ্থপৰ যে নিজ স্বাৰ্থ পূৰণৰ বাহিৰে মানুহে আনৰ কথা চিন্তা কৰিব নোৱাৰা হৈছে। সেই বাবে মানুহে ঠন ধৰা দুৱৰিৰ ওপৰেদি দূৱৰি গচকি আনন্দ লভিব পাৰে। ফুলি থকা ফুলজুপিৰপৰা কোনো কৰ্তৃত্ব নোহোৱা সত্তেও ফুল ছিঙি আনন্দত আত্মহাৰা হ’ব পাৰে। কিন্তু ঠন ধৰা দুৱৰ্ডিৰাই যে মানুহৰ খোজৰ ভৰত দুখ পায় এইবোৰ কথা নিজক লৈ ব্যস্ত হৈ পৰা স্বার্থান্ধ মানুহৰ কোনো দিন মনত নপৰে। ফুল আৰু দূৱৰিয়ে যে মানুহৰ অনাহক অত্যাচাৰৰ দ্বাৰা দুখ-যন্ত্ৰণাৰ বলি হয় সেই কথা মানুহে অনুভৱেই নকৰে। ইয়াৰ ঘাই কাৰণ মানুহে সমগ্ৰ পৃথিৱী আৰু প্ৰকৃতি বুকুৰ সীমাহীন সম্ভাৰ কেৱল নিজ স্বাৰ্থ পূৰণৰ সম্ভাৰ বুলিয়ে গণ্য কৰিছে। সেয়ে এইবোৰৰ ওপৰত মানুহে হকে-বিহকে সুযোগ পালেই নিজ স্ব অধিকাৰ সাব্যস্ত কৰাৰ চেষ্টা কৰে আৰু ইয়াতে আন কিছুমানে যে দুখ-যন্ত্রণা
ভোগ কৰিবলগা হয় তাৰ প্ৰতি মানুহে সকলো সময়তে নিৰ্বিকাৰ হৈ থাকে । আৰু আনক দুখ-কষ্ট দি হ’লেও নিজ স্বাৰ্থ পূৰণ কৰিবলৈ সততে অভিসন্ধি কৰে।
৫। কবিৰ মতে ক’ত হাত দিলে আৰু কি হৰণত দোষ লাগে ?
উত্তৰ : আনৰ দুখ-কষ্ট-সুখ-দুখ, যন্ত্ৰণাৰ কথা সমূলি চিন্তা নকৰি কেৱল অহৰহ আত্মস্বাৰ্থ পূৰণত ব্যস্ত মানুহে কিন্তু নিজ জীৱন ক্ষেত্ৰত সকলোতকৈ অধিক সচেতন। সেয়ে আনে মানুহৰ গাত হাত দিলেও সি গুৰুতৰ অপৰাধৰ দোষী ৰূপে গণ্য হয়। একেদৰে কোনোবাই মানুহক আৰ্জিত ধন হৰণ কৰিলেও হৰণ কৰোঁতাজন অমার্জনীয় অপৰাধত দোষী ৰূপে সাব্যস্ত হয় বুলি করিয়ে উল্লেখ কৰি মানুহ নিজ স্বার্থৰ প্রতি কিমান সচেতন তাকে উদঙাই দেখুৱাইছে।
৬। তাৎপর্য ব্যাখ্যা কৰা :
(ক) দুখ পায় দূবৰিয়ে তোমাৰ খোজত
নেখেলায় তেনে ভাব তোমাৰ মনত ।
উত্তৰ : উল্লিখিত কবিতা দুশাৰীৰ মাজেদি ব্যক্ত হোৱা ভাবাৰ্থ বৰ তাৎপৰ্যপূৰ্ণ। এই ধৰাৰ সকলো প্ৰাণীতকৈ মানুহৰে ভাল বিবেচনা কৰিব পৰা বুদ্ধিমত্তা, বিচাৰ ক্ষমতা আৰু বিবেক-বিবেচনা আছে। তৎসত্ত্বেও মানুহে ঠন ধৰা দুৱৰীৰ ওপৰেদি খোজ কাঢ়ি তৃপ্তি তথা আনন্দ লাভ কৰে। কিন্তু মানুহৰ খোজৰ ভৰত যে দুৱৰিৰ প্ৰাণবায়ু নিৰ্গত হোৱাৰ উপক্ৰম ঘটে সেই কথাটোলৈ মানুহে কানসাৰ নকৰাই নহয়, বিবেক-বিবেচনা মস্তিস্কৰ অধিকাৰী হৈয়ো মানহে দুৱৰায়ে ভোগ কৰা দুখ- যন্ত্ৰণাৰ কথা এবাৰো ভাবিয়েই নাচায় । কাৰণ মানুহ ইমানেই স্বাৰ্থপৰ যে নিজৰ বাহিৰে আনৰো কিবা স্বাৰ্থ থাকিব পাৰে বুলি, ভাবিব পৰা ক্ষমতাও হেৰাই পেলাইছে। সেয়ে নিজৰ আনন্দ আৰু উপভোগৰ মাদকতা অনুভৱৰ বাবে আনক কষ্ট দি হ’লেও মানুহে নিজৰ স্বাৰ্থ পূৰণ কৰিবলৈ অলপো শংকাবোধ নকৰে ।
(খ) ‘ফুল তুলি মনে মনে তুমি ভাল পোৱা
কেনে পায় গছে তাক ভাবিও নোচোৱা।’
উত্তৰ : ধৰাৰ বুকুত ফুল হ’ল স্ৰষ্টাৰ অনুপম সৃষ্টি। ফুলে প্রকৃতি জগতক শুৱনি কৰি তোলে। ফুল গছত ফুল ফুলি ফুলে ধৰিত্ৰী তথা প্ৰকৃতিক অপৰূপ ৰূপত সজাই তোলাই নহয় আনৰ হিতৰ বাবে নিজৰ সুবাসো বিলায় দিয়ে। ধৰাৰ মানুহৰ প্ৰতি প্ৰাণী কুলৰ প্ৰতি ফুলৰ যি নিস্বাৰ্থ সেৱা সেয়া সঁচাই প্রশংসনীয়। কিন্তু আনৰ পৰম হিতকাৰী ফুলৰ প্ৰতিও মানুহ ক্ষমাহীন নির্দয়। ৰমক্-জমকৈ ফুলি থকা ফুলে আনৰ হিত সাধন কৰাৰ বাহিৰে কাৰো কোনো ধৰণৰ অপকাৰ নকৰে যদিও মানুহে নিজে আনন্দ উপভোগ কৰিবৰ বাবে কৰ্তৃত্বহীনভাৱে ফুল ছিঙি গছজুপিক দুখ-যন্ত্ৰণা দি স্বাৰ্থপৰতা আৰু হৃদয়হীনতাৰ পৰিচয় দি আনন্দ লভে। ফুল ছিঙা বাবে যে গছজুপিয়ে দুখ পায় সেই কথা ভাবিবৰ বাবেও আনকি মানুহৰ আহৰি নাই। মানুহৰ এনে মনোবৃত্তিৰ অন্তৰালত লুকাই আছে মানুহৰ ক্ষমাহীন ক্ৰুৰতাৰ নিদৰ্শন। মানুহৰ এই স্বাৰ্থপৰতা আৰু ক্ৰুৰতাৰ প্ৰতি কটাক্ষ কৰি ৰচনা কৰা কবিতা দুশাৰীৰ মাজেদিয়ে কবিয়ে মানুহৰ নিষ্ঠুৰতাৰ প্ৰকৃত স্বৰূপ উদঙাই দেখুৱাইছে।
(গ) ‘বহুগুণে পালি ফুৰে নিয়ম ধৰাৰ
সকলো প্রাণীয়ে মাথো বাহিৰে তোমাৰ।’
উত্তৰ : এই বিপুল বিশ্বৰ সকলো প্ৰাণী তথা জীৱগণ প্রকৃতিক আশ্রয় কৰিয়ে বৰ্তি আছে। প্রকৃতিয়ে হ’ল এই জগতৰ ঘাই নিয়ামক। সমস্ত জীৱজগতক প্রকৃতিয়ে সম দৃষ্টিৰে চায়। কাৰো প্ৰতি সামান্যতমো ভেদভাব নেদেখুৱায়। প্রকৃতিৰ বুকুৰ জীৱজগত সেয়ে সর্বদা প্রকৃতিক নিয়মতন্ত্র মৰ্মেই পৰিচালিত হৈ আহিছে যদিও স্বাৰ্থপৰ মানুহে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে, নিজক সুখ-সম্পদ আৰু ভোগ সমৃদ্ধিৰ বাবে প্ৰায়েই প্ৰকৃতিৰ নিয়মতন্ত্ৰ উলংঘা কৰি নিজৰ স্বাৰ্থত মানুহে নিজে তৈয়াৰ কৰা আইনৰ দ্বাৰা পৰিচালিত হৈ প্ৰকৃতিৰ আন জীৱ জগতৰ দুখৰ কাৰণ হৈ উঠিছে। মানুহে প্ৰকৃতি ধ্বংস আৰু জীৱ জগতৰ দুখ-যন্ত্ৰণাৰ কথা নাভাবি নিজক সমৃদ্ধ কৰাৰ স্বাৰ্থত পাহাৰ খান্দি, গছ-গছনি কাটি, নদী বান্ধি এফালৰ পৰা প্রকৃতি ধ্বংসত মত্ত হৈ পৰি চৰমভাৱে প্ৰকৃতিৰ নিয়মতন্ত্ৰ উলংঘন কৰি আহিছে। সেয়ে সকলো প্রাণীয়ে প্রকৃতিৰ নিয়ম মানি চলে যদিও মানুহে এই আইন ভংগ কৰি মানুহ প্ৰকৃতি আৰু জীৱজগতৰ বাবে সন্ত্ৰাসৰ কাৰণ হৈ উঠিছে বাবে কবিতা দুশাৰীৰ বক্তব্য ভীষণ তাৎপর্যপূর্ণ।