English Grammar Punctuation for Assamese Medium | যতি চিহ্ন বা বিৰাম চিহ্ন

English Grammar Punctuation for Assamese Medium | যতি চিহ্ন বা বিৰাম চিহ্ন | Punctuation Marks, Names, Rules, Meaning and Their Uses and Examples

Punctuation (যতি চিহ্ন বা বিৰাম চিহ্ন)

By going through periods of solitude we can develop a deeper sense of self awareness and gain a better understanding of our own thoughts and behaviors this newfound knowledge can then foster greater introspection and reflection in our lives.

ওপৰৰ কথাখিনি পঢ়ি চোৱাচোন। বুজিবলৈ টান পাইছা নহয় ? বাক্য, বাক্যাংশ আদিৰ চিন-চাব নাই, কেৱল শব্দ কিছুমান এফালৰপৰা লিখি যোৱা হৈছে। সেয়ে লেখকে কি ক’ব খুজিছে সহজে বুজিবলৈ টান হৈছে। এতিয়া এই একেখিনি কথাকে তলত নতুনকৈ লিখা হৈছে। পঢ়ি চোৱা :

“By going through periods of solitude, we can develop a deeper sense of self awareness and gain a better understanding of our own thoughts and behaviors. This newfound knowledge can then foster greater introspection and reflection in our lives.”

ওপৰৰ আৰু তলত লিখা কথাখিনিৰ পাৰ্থক্য চোৱা তলৰ বেলেগ Passage -টোত কিছুমান বেলেগ ধৰণৰ প্ৰতীক (signs) ব্যৱহাৰ কৰা হৈছে। কওঁতাই কেনেকৈ কথাখিনি কৈছে, কোনখিনিত ৰৈছে, অলপ জোৰ দিছে— ইত্যাদিৰ ইংগিত এই প্রতীকবোৰে দিয়ে। আমি কথা কওঁতে কেৱল শব্দবোৰকে এফালৰপৰা কৈ নাযাওঁ । কেতিয়াবা কথাৰ মাজতে অলপ ৰৈ দিওঁ; কেতিয়াবা আকৌ মুখ, চকু আৰু হাতৰ নানা অংগী-ভংগীৰে আমাৰ বক্তব্য বুজাবলৈ যত্ন কৰোঁ। কিন্তু লিখোঁতে এইবোৰ কৰাৰ আমাৰ উপাই নাই বাবে প্ৰতীকৰ সহায়েৰে লেখকে এইবোৰ প্ৰকাশ কৰিবলৈ চেষ্টা কৰে। ইয়াকে punctuation বোলা হয়।

Punctuation অত সাধাৰণতে তলত দিয়া প্ৰতীকবিলাক ব্যৱহাৰ কৰা হয়-

Full stop or Period (.)

Comma (,)

Semi-colon (;)

Colon (:)

Dash (-)

Brackets ( ), [ ]

Note of Interrogation (?)

Note of Exclamation (!)

Aphostrophe (-‘)

Quotation Marks (“-“)

Hyphen (-)

Uses of the different punctuation marks:

1. Full stop or Period (.) :

সাধাৰণতে তলত দিয়া নিয়ম অনুসৰি full stop ব্যৱহাৰ কৰা হয় :

(i) Declaration বা imperative sentence-অৰ শেষত full stop ব্যবহৃত হয়।

He will come tomorrow.

Bring me the book.

(ii) Abbreviation অত full stop ব্যৱহাৰ কৰা হয়। B. A.; Co.; Mr.

(iii) Roman numerals অৰ শেষত full stop ব্যৱহাৰ কৰিব লাগে । Charles I., Charles II. ইত্যাদি।

2. Comma (,):

English punctuation-অত comma (,) হৈছে আটাইতকৈ দুৰ্বল আৰু সঘনে ব্যৱহাৰ হোৱা প্ৰতীক। কথা কওঁতে কেতিয়াবা আমি মাজত অকণমান বৈ দিওঁ, তাৰ পাছত পুনৰ আৰম্ভ কৰোঁ। ইয়াকে বুজাবলৈ লিখাৰ বেলিকা comma ব্যৱহাৰ কৰা হয়। গতিকে comma-ই বাক্যৰ বিভিন্ন অংশৰ মাজত সম্পৰ্ক স্থাপন কৰাত সহায় কৰে।

(i) যদি বাক্য এটাত বিভিন্ন phrases বা clauses, words থাকে, তেনেহ’লে comma ব্যৱহাৰ কৰা হয়।

Tokyo and Kolkata are big cities. We should be loving and kind, friendly and cheerful. The judge asked the prisoner where he found the money, Why he took it, and what he had done with it. There was water, water everywhere.

(ii) Words in apposition অক comma-ৰে পৃথক কৰি দেখুওৱা হয়।

Ramchandra, the son of Dasaratha, was a popular king My dictionary, an old edition, does not contain many recent words.

Note: Word of apposition বা appositive-টোৰ আগৰ noun-অৰ লগত যদি ইয়াৰ ওচৰ সম্পৰ্ক থাকে তেতিয়া comma ব্যৱহাৰ কৰিব নালাগে।

My brother Rajen will come tomorrow.

(My brother, Rajen, will come tomorrow.)

(iii) Declarative sentence- tag question for comma ব্যৱহাৰ কৰিব লাগে :

The book is interesting, isn’t it?

(iv) নামৰ পিছত tittle লিখিলে comma ব্যৱহাৰ কৰা হয়।

Mr. Barua, Superintendent.

Professor S.S. Choudhury, M.A., Ph. D.

(v) বাক্যত চন, তাৰিখ আদি উল্লেখ কৰিলে comma ব্যৱহাৰ কৰা হয়।

I was born on May 3, 1954.

(vi) বাকাৰ main clause-অক যদি and, but, or, বা nor এৰে জোৰা লগোৱা হয় তেতিয়া comma ব্যৱহাৰ কৰিব লাগে।

The copy is almost ready for the press, and you should get the proofs early next week.

The library is usually closed in the evening, but it will be open until 9 O’clock tonight.

(vii) Subject-অৰ আগত adverbial group থাকিলে comma ব্যৱহাৰ কৰিব লাগে।

After the agreement has been reached, will be time enough to put it into practice.

(viii) Subject-1 noun group (object of the verb) থাকিলে comma ব্যৱহাৰ হয়।

What the quarrel was about, he did not say.. (ix) Subject verb- adverbial group থাকিলে comma ব্যৱহাৰ কৰিব লাগে।

A student, to do well in examination, must study. regularly.

(x) Verb আৰু object-অৰ মাজত adverbial group থাকিলে comma ব্যৱহাৰ কৰা হয়।

He decided, after he heard the offer, that he could not accept it.

(xi) Non-restrictive adjective clause phrase- কৰি দেখুৱাবলৈ comma ব্যৱহাৰ কৰা হয়।

This boy, who lives in the next house, borrowed my pen yesterday. History, which is a record of what man has done, is an interesting study.

Note: Restrictive clause বা phrase অৰ ক্ষেত্ৰত comma ব্যৱহাৰ কৰিব নালাগে ।

A man who pays debt promptly can always get credit.

(xii) কাৰোবাক নাম কাঢ়ি বা সম্বন্ধ ধৰি মাতিলে address বুজোৱা শব্দক comma-ৰে পৃথক কৰা হয়।

John, bring me the book.

Yes, Reena, you may go.

3. Semi-colon (;):

(i) Semi-colon মানে হৈছে half a colon গতিকে ইয়াৰ জোৰ colon – অতকৈ কম কিন্তু comma-তকৈ বেছি। বাক্যৰ একে শ্ৰেণীৰ বিভিন্ন অংশক (co-ordinate groups) af at semi-colon ব্যৱহাৰ কৰা হয়। দুটা বা দুটাতকৈ বেছি co-ordinate clauses-অক যদি conjunction-এৰে সংযোগ কৰা হয় আৰু লেখকে যদি clause-কেইটাৰ প্ৰতি পঢ়ুৱৈৰপৰা সমান মনোযোগ আশা কৰে তেতিয়া semi-colon ব্যৱহাৰ কৰা হয়।

(ii) কোনো বাক্যত দুটা দীঘল main clause থাকিলে আৰু তাৰ মাজত and, but, or, nor আদি conjunction থাকিলেও main clause দুটা পৃথক কৰি দেখুৱাবলৈ semi-colon ব্যৱহাৰ কৰা হয়।

According to the latest report he was travelled Assam, West Bengal and Bangla Desh on bicycle; and he is now preparing to make an extended trip to Myanmer.

Note: Semi-colon সদায় সমপৰ্যায়ৰ clause বা phrase-অৰ মাজতহে ব্যৱহাৰ কৰা হয়। main clause আৰু subordinate clause-অৰ মাজত semi-colon ব্যৱহাৰ কৰিব নালাগে।

4. Colon (:) :

(i) বাক্যৰ মাজত বিশেষ জোৰ দি ৰ’লে (strong pause) ইয়াক বুজাবলৈ colon ব্যৱহাৰ কৰা হয়

I was alive: my friend was dead.

(ii) বিশেষ কথাৰ ব্যাখ্যা (explanation) দিব খুজিলে colon ব্যৱহাৰ কৰা হয়

The boy was tired he had been working all day. It was serious for me: for I had killed him.

5. Dash (-):

(i) ভাব প্ৰকাশৰ সোঁতটো অপ্রত্যাশিতভাৱে সলনি কৰিলে dash ব্যৱহাৰ কৰি সেইটো বুজোৱা হয়।

He is selfish, greedy, unprincipled-but why say more.

(ii) শেষ নকৰা কথাৰ (unfinished statement) ইংগিত দিবলৈ dash ব্যৱহাৰ কৰা হয়।

“You surely don’t think-“I began.

(iii) কেতিয়াবা brackets-অৰ পৰিবৰ্তে dash ব্যবহাৰ কৰা হয়।

He gained-it was what he wanted-a friend.

6. Brackets ( ), [ ]:

(i) Main clause-অৰ অৰ্থৰ লগত বিশেষ সম্পর্ক নথকা clause বা phrase বাক্যত সুমুৱাব খুজিলে brackets ব্যৱহাৰ কৰা হয়।

His weapon (if you call it that ) was a stick. He gained (it was all he wanted) a friend.

(ii) প্ৰসংগৰ লগত বিশেষ সংগতি নথকা বা দূৰ সম্পৰ্কহে থকা কথা উল্লেখ কৰিব লাগিলে brackets ব্যৱহাৰ কৰা হয়।

This matter (I hope you will pardon my referring to it again) must be settled immediately.

Note: Dash আৰু brackets অৰ ব্যৱহাৰৰ ক্ষেত্ৰ প্ৰায় একেই।

7. Note of Interrogation (?) :

Interrogation sentence বা যিকোনো ধৰণৰ প্ৰশ্ন বা ক্ষেত্ৰত এই প্রতীক ব্যৱহৃত হয়।

Did you go there?

What? You surely don’t mean that.

“Will you lend me ten rupees?” he asked.

8. Note of Exclamation (!) :

উদ্বেগ, ইচ্ছা, আশ্চর্য আদি প্ৰকাশ কৰা বাক্য বা শব্দৰ পিছত এই চিন ব্যৱহাৰ কৰা হয়।

What a beautiful flower it is!

Look ! How she runs !

9. Apostrophe (‘) :

(i) Noun -অ possessive case বুজাবলৈ apostrophe ব্যৱহাৰ কৰা হয়।

Boy’s, Children’s, Rajen’s.

(ii) কোনো শব্দ বা সংখ্যাৰপৰা আখৰ বাদ দি চুটিকৈ লিখিলে apostrophe ব্যৱহাৰ কৰা হয়।

Rate this post

Leave a Comment