ইউক্লিডৰ বিষয়ে চমুটোকা। Euclid Biography in Assamese

ইউক্লিডৰ (Euclid) বিষয়ে ৰচনা । Euclid Biography in Assamese I Euclid life history in Assamese

জ্যামিতিৰ নানা উদ্ভাৱনৰ বাবে ইউক্লিডৰ নাম আমি সৰুৰেপৰাই জানি থাকো। কিন্তু এইজনা বিদগ্ধ গণিতভাৰ জীৱনৰ বিষয়ে বিশেষ একো জনা নাযায়। আনকি তেওঁৰ জন্ম আৰু মৃত্যুৰ তাৰিখো জনাৰ কোনো উপায় নাই। মাত্র ইয়াকেহে জনা যায় যে তেওঁৰ জন্ম প্লেটোৰ মৃত্যুৰ (আনুমানিক খ্রিষ্টপূৰ্ব ৩৪৭) কিছু পাছত আৰু তেওঁৰ মৃত্যু আৰ্কিমিডিছৰ জন্মৰ (আনুমানিক খ্রিষ্টপূর্ব ২৮৭)ৰ কিছু পাছত হৈছিল।

জানা যায় যে আলেকজেন্দ্রিয়াত ইউক্লিডে বজা টলেমি-১ ছটাৰৰ ৰাজত্বকালত (খ্রিঃপূঃ ৩২৩- ২৮৫/২৮৩) এখন বিদ্যালয় স্থাপন কৰিছিল আৰু তাত শিক্ষকতাও কৰিছিল।

গ্রিক দার্শনিক প্রকাছে (Proclus) পঞ্চম শতিকাত ৰচনা কৰা তেওঁৰ ৰচনাসমূহত ইউক্লিডৰ বিষয়ে লেখোঁতে দুটা মজাৰ ঘটনাৰ উল্লেখ কৰিছে। তেওঁৰপৰা জ্যামিতিৰ কেইটামান পাঠ লৈ টান পাই ৰজা টলেমিয়ে তেওঁক এবাৰ বোলে সুধিছিল- “জ্যামিতি শিকাৰ কিবা উড়ু উপায় আছে নেকি?” তেতিয়া ইউক্লিডে বোলে উত্তৰ দিছিল – “জ্যামিতি শিকাৰ বাবে কোনো ৰাজকীয় পথ নাই।” এবাৰ এজন ছাত্রই বোলে জ্যামিতিৰ কেইটামান পাঠ শিকিয়ে সুধিছিল- “এইবোৰ শিকি তেওঁৰ কি লাভ হ’ব?” – ইউক্লিডে বোলে তেতিয়া লগে লগে চাক এজনক মাতি আনি ক’লে – “এওঁক তিনিটা পেনি দিয়া, কাৰণ কিবা এটা শিকিলেই এওঁৰ লাভ হ’ব লাগিব।”

এইবোৰ ঘটনা কিমান সত্য ক’ব নোৱাৰি। ইউক্লিডৰ জীৱন সম্পর্কে বিশেষ একো জনা নগ’লেও তেওঁৰ কৰ্মৰাজি সম্বন্ধে কিন্তু বিশদভাৱে জানা যায়। বিশেষকৈ জ্যামিতিৰ ক্ষেত্ৰত তেওঁৰ অৱদানসমূহ পাছৰ যুগলৈও স্থায়ী হৈ ৰ’ল।

ইউক্লিডৰ গণিতৰ অৱদান

এলিমেণ্টছ (Elements) আৰু ডেটা (Data) নামৰ তেওঁৰ দুখন বিখ্যাত জ্যামিতিৰ গ্ৰন্থ নষ্ট নোহোৱাকৈ ৰৈ গ’ল। তাৰে ‘এলিমেণ্টছ’ নামৰ গ্ৰন্থখন সৰ্বকালৰ সবাতোকৈ বেছি বিক্ৰী যোৱা গ্ৰন্থ। ছপাৰ পদ্ধতি আৱিষ্কৃত হোৱাৰ পাছত এই গ্ৰন্থখনৰ কমেও এহাজাৰ সংস্কৰণ ছপা হৈছে।

জ্যামিতিৰ চৰ্চা ইউক্লিডৰ আগতেও আছিল। কিন্তু তাত যুক্তিবোৰ যথাক্ৰমে আগ নাবাঢ়ি জঁপিয়াই যোৱাদি গৈছিল। সেইবোৰ অধ্যয়ন কৰি ইউক্লিড সন্তুষ্ট নহ’ল। তেওঁ লাহে লাহে জ্যামিতিৰ যুক্তিবোৰ যথাযথভাৱে সজাই জ্যামিতিক এক ক্রমবদ্ধ বিষয় হিচাপে প্ৰতিষ্ঠা কৰিলে।

ইউক্লিডে তেওঁৰ তেওঁৰ জ্যামিতিৰ বর্ণনাত প্রয়োজনীয় পৰিভাষাবোৰ প্ৰথমতে স্পষ্টকৈ বর্ণনা কৰি ল’লে। উদাহৰণ স্বৰূপে, তেওঁ ‘সৰলৰেখা’, ‘বিন্দু’, ‘ত্রিভুজ’ আদিৰ স্পষ্ট সূত্ৰ দিলে। তাৰ পাছত তেওঁ এইবোৰৰ পৰম প্ৰমাণ বা স্বতঃসিদ্ধ কথাবোৰ যিবোৰ যিকোনো যুক্তিবাদী মানুহে প্রমাণ নোহোৱাকৈ গ্রহণ কৰিব সেইবোৰ বৰ্ণাই ল’লে। তাৰ পাছত তেওঁ বহুতো প্রতিজ্ঞা লৈ এটাৰ পাছত এটাকৈ প্ৰমাণ কৰি গ’ল। প্ৰতিজ্ঞাবোৰ প্ৰমাণ কৰাৰ বাবে তেওঁ প্ৰথম খোজত অংকন, দ্বিতীয় খোজত কল্পনা, তৃতীয় খোজত প্ৰমাণ আৰু শেষ খোজত সিদ্ধান্ত এনেদৰে কেইবাটাও স্তৰ মানি লৈছিল। জ্যামিতিৰ এই আৰ্হি আজি ইমান বছৰ পাছতো আমি প্রায় একেদৰেই অনুসৰণ কৰোঁ। বিজ্ঞানী নিউটনে তেওঁৰ সকলো প্ৰমাণৰ বাবেই ইউক্লিডৰ জ্যামিতিৰ সহায় লৈছিল।

ইউক্লিডৰ উপপাদ্য আৰু জ্যামিতি

শতিকাৰ পাছত শতিকা পাৰ হৈ গ’ল। কিন্তু ইউক্লিডৰ জ্যামিতি আৰু উপপাদ্যবোৰ নির্বিবাদে চলি গৈ থাকিল। ইউক্লিডৰ সমান্তৰাল প্ৰতিজ্ঞা নামৰ উপপাদ্য এটা অৱশ্যে বহুতো গণিতজ্ঞই মানি ল’ব খোজা নাছিল। এই উপপাদ্যত আছিল যে –

‘ক’ সৰলৰেখাত নথকা কোনো বিন্দু ‘প’- মাজেৰে কৰ লগত লগ নলগাকৈ মাত্র এডালহে সৰলৰেখা (খ) টানিব পাৰি।

এই উপপাদ্যৰ বিৰুদ্ধে নানা যুক্তি দিয়া হৈছিল যদিও কোনোৱে মুখ খুলি ইউক্লিড জ্যামিতিৰ বিৰুদ্ধাচৰণ কৰিব পৰা নাছিল। ওঠৰ শতিকাতহে জার্মান গণিতজ্ঞ কার্ল গাউছে (Karl Gauss) এক অনা-ইউক্লিডীয় জ্যামিতিৰ উদ্ভাৱন কৰিলে। তাত সেই সমান্তৰাল উপকল্প মানি লোৱা নহ’ল। অৱশ্যে তেওঁৰ মৃত্যুৰ পাছলৈকে এই কথা প্ৰকাশ কৰা নহ’ল। ৰুছ গণিতজ্ঞ লবাচেভস্কি (Lobachevsky) আৰু হাংগেৰীয় গণিতজ্ঞ বলাইহে (Bolyai) প্রথম অনা-ইউক্লিডীয় জ্যামিতি প্ৰকাশ কৰে। অৱশ্যে তাতো ইউক্লিডৰ জ্যামিতিৰ বহুতো উপপাদ্য আৰু পদ্ধতিৰ প্ৰয়োগ কৰা হৈছিল।

কিন্তু ইউক্লিডৰ কামৰ অৱদান জ্যামিতিৰ জগতখনৰ বাহিৰেও সমস্ত বিজ্ঞানৰ জগতখনতে আছে। তেৱেঁই প্রথম যুক্তিবোৰ আগ বঢ়াই নি তাৰ সহায়ত নতুন সত্য বা সিদ্ধান্তত উপনীত হোৱাৰ বাট দেখুৱায়।

জ্যামিতিৰ বাহিৰেও ইউক্লিডে আলোকবিজ্ঞান, সংখ্যাবিজ্ঞান আদিৰো চিন্তা-চৰ্চা কৰিছিল। অৱশ্যে আলোকবিজ্ঞানত তেওঁ আমাৰ চকুৰপৰা পোহৰ গৈ কোনো বস্তুত পৰিলেহে আমি তাক দেখোঁ বুলি প্লেটোৰ দিনৰ ভুল ধাৰণাটোকে মানি লৈছিল। তেওঁ জ্যোতির্বিজ্ঞানো চর্চা কৰিছিল – ব্ৰহ্মাণ্ডখন তেওঁ গোলকীয় বুলি ধৰি লৈছিল আৰু স্থিৰ তৰাবোৰৰ উদয় আৰু অস্ত যোৱাৰ সময় নির্ণয় কৰিছিল।

ইউক্লিড প্ৰথম শ্ৰেণীৰ বিজ্ঞানী বা প্ৰথম শ্ৰেণীৰ গণিতজ্ঞ আছিল নে নাই সেই বিষয়ে মতানৈক্য থাকিব পাৰে। কিন্তু তেওঁ যে প্ৰথম শ্ৰেণীৰ শিক্ষক আছিল তাত কাৰো সন্দেহ থাকিব নোৱাৰে কাৰণ তেওঁৰ দ্বাৰা ৰচিত পাঠ্যপুথি (‘এলিমেন্ট’) দুহাজাৰ বছৰ ধৰি প্ৰায় অপৰিৱৰ্তিত অৱস্থাতে ব্যৱহৃত হৈ আহিছে।

লগতে পঢ়ক: পাইথাগোৰাছৰ বিষয়ে চমুটোকা

5/5 - (1 vote)

Leave a Comment