মহাযজ্ঞৰ পুৰস্কাৰ | SEBA Class 10 Assamese Question Answer

মহাযজ্ঞৰ পুৰস্কাৰ Class 10 পাঠভিত্তিক প্রশ্নোত্তৰ | মহাযজ্ঞৰ পুৰস্কাৰ SEBA Class 10 Assamese Question Answer 

মহাযজ্ঞৰ পুৰস্কাৰ পাঠভিত্তিক প্রশ্নোত্তৰ

১। অতি চমু উত্তৰ দিয়া :

ক) সদাগৰজন কোন আছিল?

উত্তৰ : সদাগৰজন এগৰাকী ধনী, অতি নম্ৰ আৰু উদাৰ মনৰ সদাগৰ আছিল।

খ) কুন্দনপুৰৰ ডাঙৰ সদাগৰজনক মানুহে কি বুলিছিল?

উত্তৰ : কুন্দনপুৰৰ ডাঙৰ সদাগৰজনক মানুহে ধন্না সদাগৰ বুলিছিল।

গ) ধন্না সদাগৰৰ সদাগৰনীয়ে দৈৱশক্তিৰদ্বাৰা কি জানিব পাৰিছিল?

উত্তৰ : ধন্না সদাগৰৰ সদাগৰণীয়ে দৈৱশক্তিৰদ্বাৰা তিনি লোকৰ কথা জানিব পাৰিছিল বুলি মানুহে বিশ্বাস কৰিছিল।

২। সদাগৰজনে যজ্ঞ বেচিবলৈ কিয় স্থিৰ কৰিছিল?

উত্তৰ : সদাগৰনীয়ে যজ্ঞ বেচিবলৈ কোৱাত সদাগৰে মনত বৰ দুখ পালে যদিও নিজৰ দুৰৱস্থাৰ কথা বিৱেচনা কৰি যজ্ঞ বেচিবলৈ স্থিৰ কৰিছিল।

৩। বাটত সদাগৰে কুকুৰটোক ৰুটীকেইখন কিয় দিছিল?

উত্তৰ: কুকুৰটো ইমানেই ভোকাতুৰ আছিল যে সদাগৰজনে এখন এখনকৈ তিনিখন রুটী ভোকাতুৰ কুকুৰটোক দিয়া সত্ত্বেও তাৰ গাত আৱশ্যকীয় শক্তিৰ সঞ্চাৰ নোহোৱা দেখি আৰু তাৰ কৰুণ দৃষ্টি দেখি সদাগৰজনে নিজলৈ এখনো নাৰাখি শেষ কটীখনো কুকুৰটোক দিছিল যাতে সি নিজৰ ভৰিত নিজে থিয় দিবলৈ শক্তি পায়।

৪। ধন্না সদাগৰৰ ঘৈণীয়েকে সদাগৰজনৰ পৰা কি কিনিব বিচাৰিছিল?

উত্তৰ : ধন্না সদাগৰৰ ঘৈণীয়েকে সদাগৰজনৰ পৰা মহাযজ্ঞ কিনিবলৈ বিচাৰিছিল।

৫। সদাগৰে দুপৰীয়া কি মহাযজ্ঞ কৰিছিল?

উত্তৰ : সদাগৰজনে দুপৰীয়া কোনো যজ্ঞ কৰা নাছিল, মাথো তেওঁ ভোকত মৃত্যুৰ দুৱাৰ মুখত উপস্থিত হোৱা কুকুৰ এটাক নিজলৈ বুলি ঘৰৰ পৰা লৈ অহা কটী চাৰিখন কুকুৰটোক খুবাই নিজে ভোকে লঘোনে কাতৰ হৈ কুন্দনপুৰৰ ডাঙৰ সদাগৰজনৰ ঘৰত উপস্থিত হৈছিল। কুন্দনপুৰৰ ডাঙৰ সদাগৰজনৰ ঘৈণীয়েকে দৈৱশক্তিৰ বলত যজ্ঞ বেচিবলৈ অহা সদাগৰজনে নিজে লঘোনে থাকি ভোকাতুৰ কুকুৰটোক নিজৰ ৰুটীকেইখনো খুৱাই কুকুৰটোক মৃত্যুৰ হাতৰ পৰা ৰক্ষা কৰাৰ ঘটনা জানিবলৈ আৰু সদাগৰজনৰ এই কাৰ্যকে কৰিছে বুলি সদাগৰজনক কৈছিল।

৬। সদাগৰে মহাযজ্ঞ নেবেচিলে কিয়?

উত্তৰ : সদাগৰজনে কোনো মহাযজ্ঞ কৰা নাছিল বুলি তেওঁ নিজে নিশ্চিত আছিল। সেয়ে তেওঁৰ পৰা সদাগৰমীয়ে মহাযজ্ঞ কিনিব খোজাত সদাগৰজন আচিৰত হ’ল আৰু মনতে ভাবিলে যে তেওঁলোকৰ কোনো যজ্ঞ কিনিবলগা নাই, বাবেহে তেওঁৰ পৰা মহাযজ্ঞ কিনিবলৈ বিচাৰিছে। তেতিয়া সদাগৰনীয়ে ভোকাতুৰ কুকুৰটোক সদাগৰে নিজে খাবলৈ অনা ৰুটীকেইখনকে খুৱাই সদাগৰে মহাযজ্ঞ কৰা বুলি আৰু সেই মহাযজ্ঞটোক সদাগৰনীয়ে কিনিব খোজাত সদাগৰে কোনো উত্তৰ নিদি বিফল মনেৰে ঘৰলৈ খোজ দিলে । কাৰণ ভোকাতুৰ কুকুৰটোক কটীকেইখন দিয়াটো মানৱীয় কাম। এই কামৰ বাবে মূল্য বিচৰাটো উচিত পন্থা নহয় বুলি সদাগৰে বিশ্বাস কৰিছিল আৰু সেইবাবে সদাগৰনীক কোনো উত্তর নিদি অহা বাটেদিয়ে ঘৰলৈ বুলি খোজ দিছিল।

৭। মহাযজ্ঞৰ পুৰস্কাৰ সদাগৰ সদাগৰনীয়ে কিদৰে পালে?

উত্তৰ : ধন্না সদাগৰৰ ঘৰৰ পৰা ওলাই আহি কাষৰ ধৰ্মশালা এটাৰ পিৰালিত ৰাতিটো কোনোমতে কটাই পিছদিনা বোৱাৰী পুৱাতে যাত্ৰা কৰি গধুলি নিজ ঘৰ পালে। ইফালে সদাগৰক খালী হাতে উভতি অহা দেখি শংকিত হৈ পৰিল।

পাছত সদাগৰে সকলো কথা ভাঙি পাতি কোৱাত সদাগৰণীৰ মনৰ দুখ- কষ্ট মুহূর্ততে নাইকিয়া হ’ল আৰু তেওঁ পৰম হৰিষ মনে সদাগৰৰ চৰণ চুই চৰণৰ ধূলি মূৰত লৈ সদাগৰক ঈশ্বৰে ভাল কৰিব বুলি শান্ত্বনা দিলে। তাৰ পিছত চাকি জ্বলাবলৈ আহি ঘৰৰ মজিয়াত কিহবাত খুন্দা খালে। আন্ধাৰত একো ধৰিব নোৱাৰি তেওঁ চাকি গছ জ্বলাবলৈ গ’ল আৰু চাকি হাতত লৈ খুন্দা খোৱা ঠাইত এডাল লোৰ শিকলি দেখিলে। তেওঁ আচৰিত হ’ল আৰু সদাগৰক তেওঁৰ কাষলৈ মাতিলে আৰু শিকলিডাল দেখুৱালে।

সদাগৰে দেখিলে যে শিকলিডাল থকা ঠাইত এখন ঢাকনি আছে। সদাগৰে শিকলিত টান দিয়াত ঢাকনিখন উঠি আহিল আৰু তাৰে পৰা তললৈ নামি যোৱা খটখটা দেখা পালে। খটখটাবে নামি গৈ চকুত চাট মাৰি ধৰা পোহৰত দেখিলে যে সেইটো এটা প্রকাণ্ড তলাতল ঘৰ। তাত মণি-মাণিক ভৰ্তি হৈ থকা দেখিলে । তেতিয়া দুয়ো স্তব্ধ হৈ পৰাত কোনোবাই যেন কৈছে হেৰা সদাগৰ নিজে ভোকত থাকি ভোকাতুৰ কুকুৰটোৰ প্ৰাণ বচাই যি মহাযজ্ঞ কৰিলা এয়া তাৰেই পুৰস্কাৰ। দুয়ো এই কথা শুনি ঈশ্বৰৰ উদ্দেশ্যে প্রণাম জনালে।

৮। সদাগৰে নিজ মুখে কোৱাৰ দৰে সাধুটো বৰ্ণনা কৰা।

উত্তৰ : এজন অতি নম্ৰ আৰু উদাৰ হৃদয়ৰ সদাগৰ আছিল। তেওঁৰ ভাণ্ডাৰ সকলোৰে বাবে মুকলি আছিল। ভোকাতুৰে তেওঁ ঘৰত এমুঠি খাবলৈ পাইছিল আৰু কিবা বিচাৰি যোৱাজনো কোনো দিন বিমুখ নহৈছিল। দুখীয়াক ধন-সোণ দান দিছিল।

কারো দিন সমানে নাযায়। সদাগৰজনৰ বেৱা দিন আহিল। সুদিনৰ সংগীবোৰে বেয়াদিন অহাৰ লগে লগে তেওঁৰ সংগ এৰি দিলে। তেওঁৰ ইমানেই বেয়া দিন আহিল যে এমুঠি খোৱাৰ যোগাৰ কৰিব পৰা শক্তিও নোহোৱা হ’ল। তেতিয়াৰ দিনত যজ্ঞ বেচা নিয়ম আছিল আৰু সদাগৰজনেও এসময়ত ভালেমান যজ্ঞা কৰিছিল। তেওঁৰ ইমানেই বেয়া দিন আহিল যে এদিন ঘৈণীয়েকে তেওঁৰ আগত যজ্ঞ এটাকে বেচি দিয়াৰ প্রস্তাব দিলে। কথাযাৰ শুনি সদাগৰে বৰ মনোকষ্ট পালে নদিও অৱস্থাৰ দাস হৈ মা বেচিবলৈ সন্মতি দিলে। এইগৰাকী সদাগৰৰ ঘৰৰ পৰা 25-30 কিলোমিটাৰ দূৰত কুন্দনপুৰ নগৰ। ভাত যথা নামে এজন ধনী সদাগৰ আছিল। মানুহৰ মুখত শুনা গৈছিল যে ধৰ্মা সদাগৰৰ ঘৈণীয়েক দৈবশক্তিৰ বলত বলবান। তেওঁ ত্ৰিলোকৰ কথা জানিব পাৰে।

ইফালে দুখীয়া সদাগৰৰ ঘৈণীয়েকে আনৰ পৰা আটা মাগি আনি বেচিবলৈ ধন্না সদাগৰৰ ওচৰলৈ যাবলৈ ওলোৱা সদাগৰৰ বাবে চাৰিখন কটা দুপৰীয়া খোৱাৰ বাবে তেওঁৰ লগত দিলে। কাঁটা চাৰিখন লৈ সদাগৰে বোৱাৰী পুৱাতে ধল্লা সদাগৰৰ ঘৰ বুলি বাওনা হল। আধামান বাট যোৱাৰ পিছত বেলিব তেজ বাঢ়ি আহিল। পথ ক্লান্তি আৰু ওপৰৰ বেলিৰ তাপ সহিব নোৱাৰি এজোপা গছৰ তলত এটা কুঁৱা দেখা পাই সদাগৰে তাতেই জিৰণি ল’বলৈ থিৰাং কৰিলে।

তেওঁ প্ৰথমতে টোপোলাৰ পৰা ৰছী উলিয়াই লোটাটোৰে পানী তুলি ভৰি- হাত ধুই উঠি এলোটা পানী লৈ গছৰ গুৰিত বহিল আৰু খাবলৈ বুলি ৰুটী এখন ছিঙি লৈ থাকোতে কাষতে কোনোমতে জীৱটো লৈ থকা এটা মৃতপ্রায় কুকুৰে তেওঁৰ ফালে চাই কিবা বিচৰা যেন অনুমান হ’ল। কুকুৰটোৱে ডিঙিটো উঠার খুজিও উঠাব পৰা নাই। সদাগৰৰ বৰ দুখ লাগিল। বেচেৰাই হয়তো কেইবাদিনো একো খাবলৈ পোৱা নাই। তেওঁৰ বৰ দুখ লাগিল, নিজে নাখাই তেওঁ কুকুৰটোক ৰুটীখিনি খাবলৈ দিলে । তাৰ অলপ জ্ঞান আহিল। সি সদাগৰৰ ফালে অহাৰ চেষ্টা কৰিলে। যেন ৰুটীৰ বাবে সদাগৰক কৃতজ্ঞতাহে জনাব।

সদাগৰে তাৰ শকতি ঘূৰি আহক বুলি দ্বিতীয়খন কটাও তাক খাবলৈ দিলে। দ্বিতীয়খন কটী খাই সি একেছাপে সদাগৰৰ কাষ পালে। সদাগৰে ভাবিলে আৰু এখন কটী খালে হয়তো সি উঠিব পৰা হ’ব। এইবাৰ তাক তেওঁ তৃতীয় কটীখন দিলে। এতিয়া থাকিল এখন কটী। কুকুৰটোৰ চকুত কৃতজ্ঞতা ভৰা কৰুণ দৃষ্টি। একেথৰে সদাগৰৰ ফালে চাই আছে। সদাগৰৰ মনটো বৰ বেয়া লাগিল আৰু নিজে পানী খায়েই কুন্দনপুৰ পাৰগৈ বুলি থিৰ কৰি কুৰুটোক তেওঁ চতুর্থ কটীখনো খাবলৈ দিলে। সদাগৰে ভাবিলে এইবাৰ সি বল পাই কোনোবা গাঁৱত আশ্ৰয় ল’ব পাৰিব। এই বুলি ভাবি তেওঁ পানী খাই পুনৰ যাত্ৰা আৰম্ভ কৰিলে।

সন্ধিয়া পৰত তেওঁ কুন্দনপুৰৰ ধন্না সদাগৰৰ ঘৰ পালে। তেওঁ ধন্নাৰ হাউলিত উপস্থিত হৈ সদাগৰক অভিবাদন জনোৱাত ধল্লাই আগমনৰ কাৰণ সুধিলে। সদাগৰে তেতিয়া যজ্ঞ বেচিবলৈ অহাৰ কথা ক’লে।

এনে সময়তে বন্ধাৰ ঘৈণীয়েকে মাত লগাই ক’লে— ‘আমি তোমাৰ মহাযজ্ঞাহে কিনিম।”

সদাগৰ আচৰিত হ’ল। ‘মহাযজ্ঞ’।
“হয়। ‘মহাযজ্ঞ’ যিটো আজি কৰিলা।

এইবাৰ সদাগৰ আৰু আচৰিত হ’ল। তেওঁ মুখ ফুটাই ক’লে ‘মহাযজ্ঞ তাকো

আজি মই দেখো কেবাবছৰ ধৰি কোনো যজ্ঞই কৰা নাই।’ সদাগৰনীয়ে পুনৰ ক’লে, “হয় সদাগৰ, আজি তুমি মহাযজ্ঞ কৰিছা, সেইটো যদি বেচা, আমি কিনি ল’ম।”

সদাগৰে ভাবিলে, এওঁলোকৰ যজ্ঞ কিনিবলৈ নাই। সেয়েহে এনেদৰে কৈছে। সদাগৰনীয়ে ক’লে, ‘কোৱা সদাগৰ, বেচিবলৈ সন্মত নে?’

ক্ষীণ মাতেৰে সদাগৰে ক’লে, আপুনি আজি যজ্ঞ কৰাৰ কথা ক’লে।’ সদাগৰণীয়ে তেতিয়া বাটৰ ঘটনাটো কৈ ভোকাতুৰ কুকুৰ এটাক নিজৰ ভাগৰ আহাৰখিনি খাবলৈ দি তাক বচাই তোলাটোকে মহাযজ্ঞ বুলি ক’লে আৰু সেইটোকে তেওঁ কিনিব খোজা ইচ্ছার কথাও জনালে।

সদাগৰে মনতে ভাবিলে, ভোকাতুৰ কুকুৰটোক খাবলৈ দিয়াটো এটা মানৱীয় কর্তব্য। তাৰ বাবে মূল্য লোৱা অনুচিত। এইবুলি কোনো উত্তৰ নিদিয়াকৈ তেওঁ সদাগৰৰ হাউলিৰ পৰা ঘৰ অভিমুখে উভতি আহিল ।

কাষৰ ধৰ্মশালাৰ পিৰালিত খালীপেটে ৰাতি কটাই বোৱাৰী পুৱাতে ঘৰলৈ যাত্ৰা কৰিলে।

পিছদিনা গধূলি সদাগৰে ঘৰ পালে। তেওঁ সুদা হাতে ঘূৰি অহা দেখি ঘৈণীয়েক শংকিত হ’ল যদিও সদাগৰৰ পৰা গোটেই ঘটনাটো শুনি তেওঁৰ হৃদয় আনন্দিত হৈ উঠিল। তেওঁ সদাগৰৰ ভৰি চুই সেৱা কৰি চৰণৰ ধূলি মূৰত লৈ সদাগৰক ধৈর্য ধৰি সুদিন অহালৈ বাট চাবলৈ ক’লে।

সন্ধিয়াৰ অন্ধকাৰ নামিল। সদাগৰনীয়ে চাকি জ্বলাবালৈ যাওঁতে কিহরাত খুন্দা খালে। তেওঁ চাই দেখিলে এডাল শিকলি। তেওঁ চাকি জ্বলাবলৈ গৈ চাকি জ্বলাই আহি শিকলিৰ ঠাইখিনিত ৰৈ সদাগৰক মাতিলে। সদাগৰে শিকলিডাল টান মৰাত ঢাকনি এখন উঠি আহিল । লগে লগে দুয়ো আচৰিত হ’ল যে তলফালে খটখটা। তেওঁলোকে চাকিগছ লৈ খটখটীয়েদি তললৈ নামি যাওঁতে পোহৰে তেওঁলোকৰ চকুত লক্ তবক লগালে। সেই পোহৰতে তেওঁলোকে দেখা পালে, সেইটো এটা তলাতল ঘৰ আৰু তাত মণি-মাণিক জকমকাই আছে। তেওঁলোক স্তব্ধ হৈ ৰৈ থাকোঁতে অদৃশ্যৰ পৰা কোনোবাই ক’লে, ‘… কুকুৰটোক চাৰিখন কটী খুৱাই তাৰ প্ৰাণ ৰক্ষা কৰিলা, এয়া সেই মহাযজ্ঞাৰেই পুৰস্কাৰ।’

৯। জুই লগা ঘৰ এটাৰ পৰা শিশু এটিক তুমি কেনেকৈ ৰক্ষা কৰিবা (কল্পনা কৰি) লিখা।

উত্তৰ : আমাৰ কাষৰ চুবুৰীয়াৰ ঘৰ বাঁহ-খেনৰ ঘৰ। বতৰটো আছিল খৰাং। দুখীয়া মানুহ, ল’ৰা এটা বাপেক-মাক। বাপেকে হাজিৰা কাম কৰে বাবে দিনটো ঘৰত নাথাকে। মাক আৰু চাৰি বছৰীয়া পুতেক ঘৰত থাকে। মাকে দুখীয়াৰ সাঁজৰ বাবে খৰিৰ জুইত ভাতৰ কেৰাহী তুলি দি কিবা আনিবলৈ ক’ৰবালৈ যোৱাৰ সময়তে জুইশালৰ কাষৰ বেৰখনত জুই লাগিল। ল’ৰাটো ঘৰৰ ভিতৰত আছিল । জুই লগাব বিপৰীত দিশত। মই কিবা কাৰণত বাহিৰতে ৰৈ আছিলোঁ। এনে সময়তে ল’ৰাটোৰ কান্দোন শুনি ততালিকে ঘৰৰ ফালে দৌৰ দি বেৰখনৰ ওপৰ অংশলৈ জুই বিয়পা দেখিলোঁ।

মই চিঞৰি জুইৰ কথা কৈ কৈ ঘৰৰ ভিতৰত সোমাই গৈ ল’ৰাটোক কোঁচত তুলি লৈ বাহিৰলৈ ওলাই আহিলোঁ। ল’ৰাটো জুইৰ পৰা দূৰত আছিল ভয়তে সি থমং খাই কান্দি আছিল। অৱশ্যে ল’ৰাটোৰ কোনো বিপর্যয় ঘটিবলৈ নাপালে। মোৰ চিঞৰত মানুহ আহিজুই লগা বেৰখন ‘দা’ৰ সহায়ত এৰুৱাই আনিলে মানুহবোৰে। ফলত ঘৰৰ চাল জুঁইয়ে ঢুকি নাপালে আৰু বেৰখনৰ বাহিৰে ঘৰটোৰ একো অনিষ্টও নহ’ল। মাকজনী ক’ৰবাৰ পৰা হেঁপাই-ফেঁপাই উধাতু খাই আহি ল’ৰাটোৰ একো অনিষ্ট নোহোৱা বুলি জানি এধাৰি আনন্দাশ্রু টুকিলে। আবেলি ডেকাবোৰে বাঁহ আনি দুখীয়া মানুহঘৰৰ বেৰখনো নতুনকৈ দি প্রকৃত চুবুৰীয়াৰ পৰিচয় দিলে।

Rate this post

Leave a Comment