এৰিষ্ট’টলৰ (Aristotle) বিষয়ে ৰচনা । Aristotle Biography in Assamese I Aristotle life history in Assamese
এৰিষ্ট’টলৰ বিষয়ে চমুটোকা
তেওঁ নিজেই প্রতিষ্ঠা কৰা অধ্যয়ন কেন্দ্ৰৰ দীঘল খোলা ঠাইত এবিষ্ট’টলে সিদিনা পায়চাৰি কৰি ফুৰিছিল। মাজে মাজে তেওঁ অলপ আগতে হাতত পৰা বাৰ্তাটোত চকু ফুৰাইছিল। তেওঁৰ গম্ভীৰ, পাণ্ডিত্যপূর্ণ মুখখনত ক’তো একো ফুটি ওলোৱা নাছিল যদিও তেওঁৰ অন্তৰখন কিন্তু ক্ষোভ, হতাশা আৰু ঘৃণাৰে ভৰি পৰিছিল। বাতৰিটো আছিল— মহামতি আলেকজেণ্ডাৰৰ মৃত্যু হৈছে। মেছিডনৰ ৰজা, সম্রাট আলেকজেণ্ডাৰ তেওঁৰ এসময়ৰ ছাত্ৰ আছিল। এতিয়া তেওঁৰ মৃত্যুৰ পাছত একপ্ৰকাৰ বিদ্রোহে গা কৰি উঠিছে—মেছিডনৰ শিকলি দলিয়াই পেলাবলৈ এথেন্ছৰ প্ৰজা উদ্গ্ৰীৱ হৈ পৰিছে।
সেইবাবে খ্রিষ্টপূর্ব ৩২৩৩, ৬২ বছৰ বয়সত, এৰিষ্ট’টলে তেওঁৰ মৰমৰ গৱেষণা অধ্যয়ন মন্দিৰ এৰি কিছু দূৰৰ ইউবিয়া নামৰ দ্বীপলৈ গুচি গ’ল। এৰিষ্ট’টলৰ জন্ম হৈছিল মেছিডনিয়াৰ ষ্টেগিৰা নামৰ সৰু নগৰ এখনত। তেওঁৰ দেউতাক নিক মেকান্ত মেছিডনৰ ৰজাৰ চিকিৎসক আছিল। সৰুতে এৰিষ্ট’টলে দেউতাক-মাক আৰু ঘৰুৱা শিক্ষকৰ তত্ত্বাৱধানতেই শিক্ষা লাভ কৰিছিল। দেউতাকৰ প্রভাৱতে তেওঁৰ সৰুতেই প্রাকৃতিক বিজ্ঞানৰ প্ৰতি বৰ ৰাপ জন্মিছিল। ওচৰৰ সাগৰৰ পাৰৰপৰা তেওঁ সাগৰীয় জীৱৰ নানা নমুনা সংগ্ৰহ কৰিছিল।
দেউতাকৰ মৃত্যুৰ পাছত তেওঁক দার্শনিক প্লেটোৰ অধীনত শিক্ষাগ্ৰহণ কৰাৰ বাবে এথেন্ছৰ বিশ্ববিদ্যালয়লৈ পঠোৱা হয় (খ্রিঃপূঃ ৩৬৭)। প্লেটোৱে অতি সোনকালেই বুজি পাইছিল যে এই ছাত্ৰজন অতি মেধাৱী। ইয়াৰ পাছৰ কুৰি বছৰ কাল এৰিষ্ট’টলে প্লেটোৰ একাডেমিতে “সত্য আৰু সুন্দৰ’ৰ সাধনাত কটায়। এই একাডেমিত ছাত্র- সকলে শাসনৰ তত্ত্ব আৰু ধাৰণাত বাহিৰেও গণিত, জ্যোতির্বিজ্ঞান আৰু বিজ্ঞানৰ অন্য শাখাৰো অধ্যয়ন কৰিব পাৰিছিল। এৰিষ্ট’টলে বিজ্ঞানৰ কথাবোৰতো যথেষ্ট মনোযোগ দিছিল।
প্লেটোৰ অতি মৰমৰ ছাত্ৰ হ’লেও প্লেটো আৰু এৰিষ্ট’টলৰ মাজত ভালেখিনি পার্থক্য আছিল। প্লেটো আছিল গণিত, দর্শন, বিজ্ঞান আদিৰ গুণাত্মক (এবষ্ট্রেক্ট) দিশটোৰ প্ৰতিহে আকৃষ্ট, আনহাতে এৰিষ্ট’টলে বিজ্ঞান-গণিত আদিৰ কাৰ্য্যকৰী দিশটোতহে অধিক মনোনিৱেশ কৰিছিল। তেওঁ প্ৰকৃতিৰ পৰ্য্যৱেক্ষণ কৰাত আৰু জীৱিত বস্তুৰ শ্রেণীবিভাজন কৰাত গুৰুত্ব দিছিল।
খ্রিষ্টপূর্ব ৩৪২৩ প্লেটোৰ মৃত্যুৰ পাছত এৰিষ্ট’টলক মেছিডনিয়াৰ ৰজা ফিলিপে আলেক- জেণ্ডাৰৰ শিক্ষক নিযুক্তি দি ওভোতাই আনিলে । তেতিয়া আলেকজেণ্ডাৰৰ বয়স চৈধ্য বছৰ। তাৰ পাছৰ সাত বছৰ কাল তেওঁ আলেজেণ্ডাৰৰ শিক্ষক হিচাপে কাম কৰিছিল। ইয়াৰ পাছতেই আলেক- জেণ্ডাৰ সম্ৰাট মহামতি আলেকজেণ্ডাৰ হৈ পৰে।
মেছিডনিয়াত কাম কৰা অৱস্থাত এৰিষ্ট টলে যথেষ্ট ধন-বিত পোৱাত বাহিৰেও গোটেই দেশ জুৰি বহুতো সহকাৰীৰ সহায় লাভ কৰিলে। তেওঁলোকৰ হতুৱাই অপৰ্য্যাপ্ত পৰিমাণৰ জীৱৰ নমুনা সংগ্ৰহ কৰাই পৰ্য্যৱেক্ষণ কৰাই তাৰ ফলাফল এৰিষ্ট টলে সংগ্ৰহ কৰিলে। এইবোৰৰ সহায়ত জীৱসমূহক সিহঁতৰ গঠনৰ জটিলতা, পুনৰজনমৰ ৰীতি আৰু তেজৰ লক্ষণ আদিৰ ভিত্তিত শ্ৰেণীবিভাজন কৰি তেওঁ জীৱবিজ্ঞান নামৰ বিজ্ঞানৰ শাখাটো প্রতিষ্ঠা কৰিলে। আনকি তাৰে কিছুমান ছেদন কৰি সিহঁতৰ ভিতৰৰ গঠনো তেওঁ অধ্যয়ন কৰিলে। ওঠৰ শতিকাত লিনিয়াছে নতুনকৈ শ্রেণীবিভাজন নকৰা পৰ্য্যন্ত এৰিষ্ট’টলৰ এই শ্ৰেণীবিভাজনেই কেইবাশতিকা জুৰি তিষ্ঠি থাকিল।
আমাৰ পৃথিৱীখনৰ বিকাশৰ বিভিন্ন স্তৰত পৃষ্ঠভাগৰপৰা পাহাৰ-পৰ্বতবোৰ ওপৰ উঠি আহে, তাৰ ক্ষয় হয়, সেইবোৰ সমান হৈ পৰে, তাৰ পাছত সাগৰলৈ ৰূপান্তৰিত হয়—এৰিষ্ট’টলৰ এই ধাৰণা এতিয়াও শুদ্ধ বুলি ধৰা হয়।
আলেকজেণ্ডাৰে ৰাজ্যভাৰ গ্ৰহণ কৰাৰ পাছত এৰিষ্ট’টল পুনৰ এথেন্ছলৈ আহিল আৰু তাত অধ্যয়ন-কেন্দ্ৰ স্থাপন কৰিলে। এই অধ্যয়ন- কেন্দ্ৰবোৰক ‘পেৰিপেটেটিক স্কুল’ বা ‘খোজকাঢ়ি পঢ়া’ বিদ্যালয় বোলা হৈছিল । কাৰণ ইয়াত এৰিষ্ট’টল আৰু ছাত্ৰসকলে বহল মুকলি ঠাই আৰু বাগিচাত একেলগে খোজ কাঢ়ি কাঢ়ি পাঠ্যক্ৰম আলোচনা কৰিছিল। মানুহৰ ইতিহাসত এৰিষ্ট’টলৰ মনৰ সমকক্ষ
মন বিচাৰি পাবলৈ নাই বুলিলেও হয়। তেৱেঁই ন্যায়শাস্ত্ৰ আৰু মনস্তত্ত্বক বৈজ্ঞানিক ভিত্তি দিবলৈ সক্ষম হয়।
এৰিষ্ট’টলৰ বিজ্ঞানৰ অৱদান
এৰিষ্ট টলে প্রায় এহাজাৰখন কিতাপ লিখিছিল। তাৰে প্ৰায়ভাগেই নিশ্চিহ্ন হৈ গৈছে। মাত্র খোজ কাঢ়ি পঢ়া বিদ্যালয়ত দিয়া তেওঁৰ বক্তৃতাৰ টোকা কিছুমানহে পোৱা গৈছে।
এৰিষ্ট’টলে তেওঁৰ পৰ্য্যৱেক্ষণ আৰু শ্ৰেণী- বিভাজনৰ ভেটিত আগ বঢ়োৱা জীৱবিজ্ঞানৰ তত্ত্ববোৰ কালজয়ী আছিল। কিন্তু পদার্থবিজ্ঞান আৰু জ্যোতির্বিজ্ঞানৰ জগতত তেওঁৰ তত্ত্ববোৰ বৈজ্ঞানিক পৰ্য্যৱেক্ষণৰ ভিত্তিত প্রতিষ্ঠিত নাছিল। সেইবোৰ দার্শনিক ব্যাখ্যাৰ ওপৰতহে প্ৰতিষ্ঠিত আছিল।
সূক্ষ্ম পৰ্য্যৱেক্ষণৰ ওপৰত নিৰ্ভৰ নকৰি মাত্ৰ ‘কিয়?’ৰ ব্যাখ্যা দিবলৈ যোৱাৰ দোষতে তেওঁ ঘোষণা কৰিছিল যে সকলো বস্তুৱে তাৰ ‘প্রাকৃতিক স্থান’ বিচাৰি যায়—আৰু তেনে কৰোঁতে গধুৰ বস্তু পাতল বস্তুতকৈ আগতে মাটিত পৰে। এই কথা শুদ্ধ নহয় বুলি পাছত গেলিলিৱে প্ৰমাণ কৰিলে ।
এবিষ্ট টলে এইবুলিও ঘোষণা কৰিছিল যে প্ৰকৃতিত ভেকুৱামৰ (বায়ু-শূন্য স্থানৰ সৃষ্টি কৰিব নোৱাৰি। কিন্তু পাছত বিজ্ঞানীসকলে ভেকুৱামৰ সৃষ্টি কৰিবলৈ সক্ষম হ’ল।
এৰিষ্ট’টলে দিয়া বস্তুৰ গতি সম্বন্ধীয় এটা তত্ত্ব এই আছিল যে বস্তুৰ প্ৰাকৃতিক অৱস্থা হ’ল স্থিৰ অৱস্থাহে; বস্তু এটাক গতিশীল কৰি ৰাখিবলৈ হ’লে বল এটাৰ প্ৰয়োগ হ’ব লাগিবই। কিন্তু সোতৰ শতিকাত নিউটনে প্ৰমাণ কৰিলে যে কোনো বলৰ প্রয়োগ নহ’লেহে গতিশীল বস্তু এটা সমান বেগেৰে, সৰল ৰেখাৰে চলি গৈ থাকে।
এৰিষ্ট’টলে এই বুলিও বিশ্বাস কৰিছিল যে জগতখন মাত্ৰ চাৰিটা মৌলিক বস্তু—পানী, মাটি, বায়ু আৰু জুইৰে গঠিত। কিন্তু শতিকাৰ পাছত শতিকা জোৰা পৰীক্ষা-নিৰীক্ষাত প্ৰমাণিত হ’ল যে পদাৰ্থৰ গঠন ইয়াতকৈ বহু বেছি জটিল।
জ্যোতির্বিজ্ঞানৰ ক্ষেত্ৰত এৰিষ্ট’টলৰ যুক্তি আছিল অতি তীক্ষ্ণ। কিন্তু, তেওঁ গ্ৰহণ কৰা পৰ্য্যৱেক্ষণবোৰ অশুদ্ধ হোৱা বাবে তেওঁৰ সিদ্ধান্তও অশুদ্ধয়েই হৈছিল। উদাহৰণ স্বৰূপে, তেওঁ ধৰি লৈছিল যে পৃথিৱীখন নিৰ্দিষ্ট স্থানত স্থিৰ হৈ আছে আৰু ই ব্ৰহ্মাণ্ডৰ কেন্দ্ৰ। জ্যামিতীয়ভাৱে নিখুঁত বৃত্তবোৰ হ’ল জ্যোতিষ্কবোৰৰ কক্ষ আৰু জোনটোৰ নিজা পোহৰ আছে। কেইবা শ বছৰ পাছত গেলিলিঅ’, কেপলাৰ আদিয়ে প্ৰমাণ কৰিলে যে এই ধাৰণাবোৰ ভুল, পৃথিৱী আৰু গ্ৰহবোৰ উপবৃত্ত আকৃতিৰ কক্ষপথতহে ঘূৰে আৰু জোনটোৱে মাত্র সূৰ্য্যৰ ৰশ্মি প্রতিফলিতহে কৰে।
কিন্তু এৰিষ্ট’টল তেওঁৰ জীৱনকালতে এনে এক সন্মানিত পণ্ডিত হিচাপে প্রতিষ্ঠিত হৈছিল যে তেওঁৰ পাছতো ডেৰ হাজাৰ বছৰলৈ তেওঁৰ মতবাদবোৰ ভুল-শুদ্ধৰ বিচাৰ নোহোৱাকৈ চলি থাকিল। জীৱবিজ্ঞানৰ বাহিৰে বাকী সকলো ক্ষেত্ৰতে তেওঁৰ মতবাদে বৈজ্ঞানিক প্রগতিত বাধাৰহে সৃষ্টি কৰিছিল।
কিন্তু এৰিষ্ট’টলে কৈ গৈছিল, “সকলো মানুহে প্রাকৃতিকভাৱেই জানিব খোজে।” তেওঁ নিজেও সদায় জানিব খুজিছিল। সেই স্পৃহাৰ বাবেই তেওঁ নতুন সত্যত উপনীত হৈছিল। পাছৰ মানুহে ‘জানিব নুখুজি’ তেওঁৰ কথাকে গুৰু-বাক্য মানি চালি-জাৰি নোচোৱা বাবে বহুযুগলৈ বহুতো ভুল কথা মানি থাকিল।
লগতে পঢ়ক: ইউক্লিডৰ বিষয়ে চমুটোকা